সততা
-- আবুল কালাম আজাদ৷
যন্ত্ৰিক যুগৰ যন্ত্ৰ মানুহ
শয়তানৰ ওচৰত বিক্ৰী সততা
চিন্তা-চেতনা অন্ধকাৰত নিমজ্জিত
পাৰ্থিৱ মানৱ কল্যাণ সীমাবদ্ধ
পৰোপকাৰ, হিতাহিত জ্ঞান বিলুপ্ত
স্বাৰ্থ অন্বেষণ, ক্ষমতা-অৰ্থ অনুসন্ধান
বিকলাংগ সততা, বিবেক-বুদ্ধি
তুচ্ছ ন্যায়, মানৱতা, ধৰ্ম
মোৰ মনত অলেখ কল্পনা
প্ৰজ্বলিত হওঁক সততাৰ প্ৰদীপ
আলোকিত হওঁক সততাৰ অগ্নিশিখা
প্লাৱিত হওঁক সততাৰ প্লাৱন
বৰ্ষিত হওঁক সততাৰ বৃষ্টি
ত্বৰায়িত হওঁক সততাৰ সৃষ্টি
সৃষ্টি হওক মানৱতাৰ দৃষ্টি
বিলুপ্ত হওঁক ধৰ্মৰ নামত
ক্ষমতাৰ কৃষ্টি৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.