Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

মৃত্যু আৰু মানৱতা

 

মৃত্যু আৰু মানৱতা

-- নাজিক আল মালাইকা৷

অনুদিত কবিতা

 মৃত্যু আৰু মানৱতা

ৰাতিপুৱা উদয় হ’ল৷

খোজকাঢ়োতাৰ ৰাতি পুৱাৰ নীৰৱতাত সৰি পৰা পদক্ষেপৰ শব্দলৈ মনোযোগ দিয়া৷

শুনা! শোক কৰোতা যাত্ৰীৰ ফালে লক্ষ্য কৰা!

দহটা মৰা শ,  বিশটা, গণনা কৰিব নোৱাৰো ........

আমাৰ মাজৰ শোক কৰোতাৰ প্ৰতি মনোযোগ দিয়া৷

নিঃকিন ল’ৰা-ছোৱালীৰ (মৃত্যুৰ) চিঞৰ শুনা৷

মৰা শ .............. মৰা শ

গণনা কৰা অসম্ভৱ

মৰা শ .............. মৰা শ

অহাকালি (জীয়াই থাকিবলৈ) ৰৈ নাথাকে

প্ৰতিটো ঘৰত  মানুহৰ মৰা শ, তাক লৈ শোকাকুল ব্যক্তিৰ বিলাপ!

মনৰ স্থিৰতাৰ মূহুৰ্তৰ বাবেও নাই, নিৰৱতাও নাই

মৃত্যুৰ হাতোঁৰাই এইটো কৰিছে

মৃত্যু ........ মৃত্যু ....... মৃত্যু

মানৱতাৰ অভিযোগ মৃত্যুৰ অভিযোগ৷৷ 0 0 0


ৰংসনা কবিতা

Post a Comment

0 Comments