মৃত্যু
-- আবুল কালাম আজাদ৷
দিন গৈ আছে ৰাতি হৈ আছে
ক’ব নোৱাৰাকৈ কত দিন যে গুছি গ’ল
বহু দিন পাৰ হ’ল
এতিয়া মই শয্যাসায়ী
হ’ব পৰ নাই ইকাতি
নোৱাৰো হ’ব সিকাতি
খজুৱতিৰ পিৰপিৰণিৰ যন্ত্ৰণা
বিছনাত নিথৰ দেহ
আপোনজনৰ হুমনিয়াহ
একেথিৰে চাই আছে
মোৰ দেহলৈ
বুকুত দপদপনি আছে নে নাই
অসীম ক্ষমতাৰ সুঠাম দেহ
আজি নিথৰ
ক’ব পৰা নাই কথা
মুখৰ মাতৰ নাই শব্দ
কত যে কি দম্ভ অহংকাৰ
কিন্তু বিছনাৰ দুৰ্গন্ধই
মোক আমনি নকৰে
মোৰ ইমান কষ্ট চাই
আপোনজনৰ সহানুভূতি
‘‘যোৱাই ভাল, ...........’’
মোৰ জীয়াই থকাৰ নাই যোগ্যতা
চাৰিওফালে লক্ষ্য কৰি চাইছোঁ
কাৰো মনত নাই দুঃখ
চাঙি, বাঁহ, ঢাৰি
কাফন- দাফন সকলো সাজু
অপেক্ষা মাথো অন্তিম মহুৰ্ত
নিথৰ দেহৰ বাস্তৱ সপোন৷ 0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.