Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

কবিতা

কবিতা


 কবিতা

কবিতা

বসন্তৰ মলয়া বতাহ

লয়লাস শব্দৰ দন্দ

ভাষাহীন কবিতাৰ ছন্দ

 

আছে ভাৱ, নাই  ভাষা

আছে হেঁপাহ, নাই  আশা

কবিতাৰ কবি মই৷

 

কবি মই

সৰ্বহাৰাৰ ব্যাথাভৰা জনতাৰ

ভৱিষ্যত যাৰ কবলত দুবৃত্তৰ

সুখ-শান্তিৰ হাঁহি মুখ মলিন

শোষকৰ অট্টহাঁহিত মুচ্চিৰ্ত

ভোকাতুৰ, নাঙঠ জনতা৷

 

বিষাদভৰা বিপৰ্যস্ত তনু

অৱসাদ ভৰা ক্লান্ত মন

বিষাক্ত অশ্ৰুপূৰ্ণ চকুলো

শোকৰ তৃষ্ণাতুৰ নয়ন৷

কবিতা মোৰ ...

নিৰাশা, নিৰাশ্ৰয়া, অনাহাৰ

 নিষ্পেষিত সৰ্বহাৰা জনতাৰ৷ 0 0 0


ৰংসনা কবিতা

Post a Comment

0 Comments