অনুতপ্ত
-- আবুল কালাম আজাদ৷
আজি মই অনুতপ্ত ...
আভিজাত্যৰ জগত সংসাৰ
মিছা আত্ম অহংকাৰ
কালৰ কুটিল সুতে উটুৱাই নিব
নাম-যশ, গুণ-গৰিমা, আত্ম মৰ্যাদা
সকলো প্ৰচেষ্টা হ’ব বিফল৷৷
চোতালত শত্ৰু-মিত্ৰৰ
অশ্ৰুসিক্ত জনসমাগম
গুণানুকীৰ্তন কৃত কৰ্মৰ
নাই আত্ম অহংকাৰ নিথৰ দেহৰ
কাৰণ মৃত্যু অৱধাৰিত
অপেক্ষা মাথো শেষ নিশ্বাসৰ
বগৰী পাতৰ গৰম পানীৰে
আঠুৱাৰ তলত কলৰ ভেলত গা ধোৱাব
বগা কাপোৰৰ কাফন পিন্ধাব
সুগন্ধি ছটিয়াই চাঙিত উঠাব
চাৰিজনে কান্ধত তুলি নিব কবৰস্থান
মাকৰ আৰ্তনাদ সহিব পৰা নাই আপোনজন
প্ৰতিবেশীৰ কৰুণ ক্ষোভ
মিছা লোভ-মোহ, আত্ম অহংকাৰ
মিছা অৰ্থ-সম্পদ, লালসা ক্ষমতাৰ
অনুতপ্ত ...
মৃত্যু চিৰন্তন সত্য, মূল্যহীন অসাৰ দেহ৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.