প্ৰকৃত সত্য
-- আবুল কালাম আজাদ৷
পাৰ্থিৱ লোভ লালসা
স্বৰ্গীয় সুখ ভোগৰ আহিলা
বাৰ্ধক্যত কোঙা হোৱা
বগা চুলি সৰি পৰা
কঁকাল ভাঙি আউজি পৰা
চকুৰে ধোঁৱা-কুঁৱা দেখা
মুখখন শেতা পৰা
হাত-ভৰি অকৰ্মন্য হোৱা
তথাপি ...
আমি পাৰ্থিৱ লোভ-লালসাত মতলীয়া
আমাৰ জীৱন যৌৱন প্ৰাপ্ত
কিন্তু ...
আমাৰ অন্তিম মূহূৰ্ত
হঠাৎ চকুৰ পতা সৰি পৰে
মুখখন নীৰৱ নিস্তব্ধ
বিষ্ময়কৰ যাত্ৰী অনন্ত নিদ্ৰাৰ
অদৃশ্যময় যাত্ৰা অসীম পথৰ
গন্তব্যস্থল একমাত্ৰ সৃষ্টিকৰ্তা
এয়াই প্ৰকৃত সত্য৷ 0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.