উচ্ছেদ
- আবুল কালাম আজাদ
প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা
কাষত ভগা-ছিঙা চাল
ভঙা বেৰ দুৰ্বল খুটা
সৰু সৰু জুপুৰি ঘৰ৷
কাণ্ড-জ্ঞানহীন চকু মুদা
প্ৰশাসনৰ কুটিল নীতি
প্ৰচণ্ড ধুমুহা তাণ্ডৱেৰে
ভাঙি তচ-নচ কৰিলে
সৰু সৰু জুপুৰি৷
উচ্ছেদ অভিযানত
নিৰ্মম প্ৰশাসন
দুৰ্দশাগ্ৰস্থ প্ৰাণীৰ চকুলো
ধাৰাসাৰে নীৰৱে নিগৰে
সিহঁতৰ বাবে আজি
নাই কাৰো অনুকম্পা
উচ্ছেদৰ নামত
নিৰ্যাতিত হৈয়ো
স্ৰষ্টাক নকৰে দোষাৰূপ ৷
অভিশপ্ত আবেদন
স্ৰষ্টাৰ সৃষ্টিৰ আহব্বান
অপশাসনৰ অৱসান
সমবিকাশৰ প্ৰশাসন
উচ্ছেদিত অঘৰী জনতা
সংস্থাপনৰ সপোন। 0 0 0
ৰংসনা কবিতা
1 Comments
Fine Poem. Good talent.
ReplyDeleteComment should be formative and suggestive.