নেতৃত্ব
-- আবুল কালাম আজাদ
নেতাৰ নেতৃত্বত খাটি খোৱা
জনতাৰ দেহ ৰক্তাত্ব হয়
প্ৰশাসনৰ গুলিত
কেৱল স্বাৰ্থ ক্ষমতা
অৰ্থ-সম্পদৰ লালসা
এফালে ...
সততা ধৰ্ম নিৰপেক্ষতাৰ শ্লোগান
আনফালে ...
দুৰ্নীতি সাম্প্ৰদায়িকতাৰ প্ৰতিযোগিতা
নেতাৰ সাম্প্ৰদায়িক বিষভাষ্পত
ফুলকোমলীয়া নৱ প্ৰজন্ম বিষাক্ত
কিছুমানে ক্ষমতাৰ ৰাগীত
কল্যাণৰ অজুহাতত দুৰ্নীতিৰে
কলাক বগা কৰি গঢ়ে সম্পত্তিৰ পাহাৰ
তথাপি ...
সন্তান সন্ততি, পতি-পত্নী ভোকাতুৰ
জনতাৰ অসহনীয় যন্ত্ৰণা, আৰ্তনাদ
প্ৰতিবাদৰ পথ হেনো বন্ধ
জনতাৰ হতাশা হুমনিয়াহ স্তব্ধ
বুভুক্ষ জনতা পংগুত্বত আবদ্ধ
ই জানো নেতৃত্বৰ প্ৰতিদান?
প্ৰকৃতি সম্প্ৰতি ৰুষ্ট
অপেক্ষা মাথো মহাপ্ৰলয় ...
... সমাগত ------৷ 0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.