লোভ-লালসা
-- আবুল কালাম আজাদ
মানুহ ...............শ্ৰেষ্ঠ জীৱ৷
বাস্তৱত সঁচা জানো?
তেন্তে কিয় আমি মানুহবোৰ
আত্মকেন্দ্ৰিক স্বাৰ্থপৰ?
কিয় আমি হ’ব নোৱাৰো
নিস্বাৰ্থ পৰোপকাৰী?
আমি মানুহবোৰ কিয় অহংকাৰী
কি যে আমাৰ দম্ভ?
কিয় আমি মানুহবোৰ
ক্ষনস্থায়ী জীৱনত নাই সহানুভুতি?
আমি কিমান যে সুবিধাবাদী
স্বাৰ্থ সিদ্ধিৰ বাবে নিখুঁতভাৱে
সততাৰ অভিনয় কৰো
আমাক লাগে ক্ষমতা
অৰ্থ-সম্পদ মাটি-বাৰী
আমাৰ কিয় ইমান
ক্ষমতাৰ দম্ভ অহংকাৰ?
কিয় আমি মানুহবোৰ
ক্ষনস্থায়ী জীৱনত
লোভ-লালসাত মত্ত ?
অপেক্ষা মাথো সমাগত
জীৱন-মৰণৰ সন্ধিস্থল
অৱধাৰিত মৃত্যু সন্নিকট
শ্মশান অথবা কবৰস্থান৷0 0 0
ৰংসনা কবিতা
1 Comments
Fine Writing.
ReplyDeleteComment should be formative and suggestive.