মানৱতা
- আবুল কালাম আজাদ৷
সম্প্ৰতি মানৱতাৰ স্খলন
মানৱ জাতি হিংসা, হত্যা, লুণ্ঠণত নিমজ্জিত
নাই কোনো আপোনত্ব
নাই যেন মানৱতা
মানৱতাৰ কি যে নবীন ৰূপ
স্বাৰ্থ পুৰণৰ বাবে
মানৱ জাতি নিজক লৈ ব্যস্ত
নাই কোনো মূল্যবোধ
শাসন, শোষণ, ধৰ্ষন
কত যে কি?
আবেগ, অনুভূতি, সৌজন্যতা
কেৱল কৃত্ৰিমতা
এয়ে জানো মানৱতা ? 0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.