মৰমৰ পূজনীয়া মা
মাই মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
তেৱে মোৰ মৰমৰ পূজনীয়া আই ।
চেনেহৰ চকুপানী মৰমেৰে বোৱাই
মাই মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
তেৱে মোৰ মৰমৰ পূজনীয়া আই ।
কান্দিছিলো যেবে নৰিয়াত দুখ পাই ;
একেথিৰে মাই মুৰ মুখলৈ চাই
মৰু বুলি কান্দিছিল কাঢ়ি হুমুনিয়াই
তেৱে মোৰ মৰমৰ পূজনীয়া আই ।
হৈছিলো থিয় যেৱে অত তত ধৰি
পৰিলোনে মাই গই ততালিকে লৰি;
নিচুকাইছিল মোৰ নাম গুণ গাই
তেৱে মোৰ মৰমৰ পূজনীয়া আই । 0 0 0.
ৰংসনা কবিতা
1 Comments
I like the poem.
ReplyDeleteComment should be formative and suggestive.