ৰুগ্ন পৃথিৱী
-- আবুল কালাম আজাদ৷
সম্প্ৰতি সুস্থ্য পৃথিৱী ৰুগ্ন
ধৰনী শংকিত সন্ত্ৰস্ত
বিশ্ব সভ্য মানৱ জাতি
কৰোণা ৰোগত আক্ৰান্ত
এবুকু হিয়া ভঙা দুখ
আপোনজন চাব, চুব নোৱাৰা শোক
পদমৰ্যাদা, দাম্ভিকতা ধুলিসাৎ
জীৱিকা মধ্যবিত্তৰ বিপৰ্যস্ত
নিম্নবিত্তৰ অনাহাৰত মৃত্যুৰ কিৰিলি
দিনে-নিশাই মৃতদেহৰ এম্বুলেন্স
কৰোণাত আকাশ-বতাহ বিষাক্ত
সমস্ত পৃথিৱী এতিয়া ৰুগ্ন৷0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.