Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

আমাৰ গাওঁ

 

আমাৰ গাওঁ

 কবিঃ আনন্দ চন্দ্ৰ আগৰৱালা


আমাৰ গাওঁ


শুৱনি
 আমাৰ গাওঁখনি অতি

শুৱনি গছেৰে ভৰা,

ডাল ভৰি ভৰি ফল ফুল লাগে

কত পাওঁ তলসৰা |

 

শুৱনি আমাৰ ধাননি পথাৰ

ধানেৰে উপচি পৰে,

শুৱনি নদীৰ পানী ভৰা ঘাট

মুদৈয়ে বেপাৰ কৰে |

 

চালত কোমোৰা লাও জিকা ভোল

ভঁৰালত জহাধান,

গোহালিত গৰু পুখুৰীত মাছ

বাৰীত তামোল পাণ |

 

গছৰ ডালত শুৱনি চৰাই

শুৱলা সঙ্গীত গায়,

শাকনিত শাক ফুলনিত ফুল

দেখিলে হিয়া জুৰায় |

 

ঘৰে ঘৰে ৰং ধেমালিৰ হাট

ঘৰে ঘৰে হাঁহি মুখ,

ঘৰে ঘৰে ভাল চেনেহা চেনেহি

ঘৰে ঘৰে দেখোঁ সুখ |

 

ভাওনা সবাহ গীত ভাল পোৱা

মধুৰ মুৰলী তান,

দহোটাৰ কাম একেজনে কৰা

চহাৰ সৰল প্ৰাণ | 0 0 0


কেইখনমান  অসমীয়া গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  24. অসমীয়া ব্যাকৰণ ক অংশ
  25. অসমীয়া ব্যাকৰণ খ অংশ

Post a Comment

0 Comments