Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

কাৰ কি মাত

 

কাৰ কি মাত




বাঘ সিংহই গোজৰ মাৰে

পাৰই দিয়ে ৰুণ,

ভোমৰা আৰু মৌমাখিয়ে

কৰে গুণ্‌ গুণ |

 

শিয়ালে কৰে হোৱা হোৱা

কুকুৰ্বোৰে ভুকে,

মেকুৰীয়ে মিউ মিকে

ফুৰে চুকে চুকে|

 

ছাগলীয়ে বেবাই ফুৰে

গৰুৱে হেম্বেলিয়ায়,

কাউৰীবোৰে গছৰ আগত

থাকে ৰমলিয়াই |

 

চিৰিক চিৰিক্‌ কৰি মাতে

ঘৰ-চিৰিকা জাকে,

সোণ মইনাই কি কৰেনো?

কলকলাই থাকে। ০ ০ ০


ৰংসনা কবিতা

Post a Comment

0 Comments