Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

ফুল ফুলাৰ কথা

 

ফুল ফুলাৰ কথা

ফুল ফুলাৰ কথা


অ’ ফুল অ’ ফুল

নুফুল কিয়?

গৰুৱে যে আগ খায়

মইনো ফুলিম কিয়?

 

অ’ গৰু অ’ গৰু

আগ খৱ কিয়?

গৰখীয়াই যে মোক নৰখে

মইনো নাখাম কিয়?

 

অ’ গৰখীয়া অ’ গৰখীয়া

গৰু নৰখ কিয়?

ৰান্ধনীয়ে যে ভাত নিদিয়ে

মইনো ৰখিম কিয়?

 

অ’ ৰান্ধনী অ’ ৰান্ধনী

ভাত নিদিয় কিয়?

কৰিকটিয়ায়াই যে খৰি নিদিয়ে

মইনো ৰান্ধিম কিয়?

 

অ’ খৰিকটিয়া অ’ খৰিকটিয়া

খৰি নিদিয় কিয়?

বৰ গছ যে কাটি থৈছোঁ

নুশুকায়নো কিয়?

 

অ’ বৰগছ অ’ বৰগছ

নুশুকাৱ কিয়?

মেঘে যে বৰষুণ দিয়ে

মইনো শুকাম কিয়?

 

অ’ মেঘ অ’ মেঘ

বৰষুণ দিয় কিয়?

ভেকুলীয়ে যে টোৰটোৰায়

মইনো নিদিম কিয়?

 

অ’ ভেকুলী অ’ ভেকুলী

টোৰটোৰাৱ কিয়?

বোপাককাৰ সহজটো

মইনো এৰিম কিয়?

 

মই কৰোঁ টোৰ টোৰ,

মেঘে গাজে গুৰ গুৰ,

বৰষুন পৰে হুৰ হুৰ | 0 0 0.

ৰংসনা কবিতা

কেইখনমান  অসমীয়া গ্রন্থ:

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:


Post a Comment

1 Comments

Comment should be formative and suggestive.