পখিলা
চোৱাচোন পখিলাটি
কেনেনো শুৱনি
কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি ।
কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত ।
ধৰা তাক বাইদেউ
কৰি যেনেতেনে
পৰিছেহি গোলাপত
পাখি মেলি কেনে ।
তাক ল’বলৈ মোৰ
বৰ মন যায়
ধৰি দিয়া বাইদেউ
যাবগৈ পলায় ।
নোৱাৰোঁ ধৰিব তাক
সোণাই হেৰেই
পাখি দুইখনি হ’ব
আহৰি তেনেই |
এবাৰ যদিহে দিওঁ
হাতত তোমাৰ
নেথাকে অকণো শোভা
হ’ব চুৰমাৰ |
দিয়া তেন্তে বাইদেউ
য’ক গৈ উৰি
সহিব নোৱাৰোঁ মই
যায় যদি মৰি |
ধুনীয়া পখিলাটিক
নকৰিব বেয়া
বপুৰী অকণমানি
কেনে ধেমেলীয়া | 0 0 0
ৰংসনা কবিতা
0 Comments
Comment should be formative and suggestive.