Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

ভাল পাওঁ

 

ভাল পাওঁ

কবিঃ  নিলমণি ফুকন


ভাল পাওঁ


ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি

বেলিৰ লগত থাকে লুকা ভাকু খেলি

ভাল পাওঁ পথাৰ ৰং সেউজীয়া,

ধাননি কঁপাই যোৱা বতাহ বলিয়া |

ভাল পাওঁ পুৱতিৰ কোমল দালি,

দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি |

ভাল পাওঁ মাক মোৰ অতি মৰমৰ,

মোৰ বাবে নাই যাৰ চিন ভাগৰৰ |

ভাল পাওঁ দেউতাৰ স্নেহ সনা মুখ

মোৰ বাবে তেওঁ সহে কিমান যে দুখ

ভাল পাওঁ সমনীয়া লগৰীয়া বোৰ,

যাৰ বাবে নাই কাম আৰু ধেমালিৰ ওৰ |

ভাল পাওঁ মোৰ দেশ  ওপজিলোঁ

 ধুলি মাটিৰেই জীৱন গঢ়িলোঁ |

ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী,

কোনেনো স্ৰজিলে বাৰুতাকে থকোঁ ভাবি | ০ ০ ০.


ৰংসনা কবিতা

কেইখনমান  অসমীয়া গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  24. অসমীয়া ব্যাকৰণ ক অংশ
  25. অসমীয়া ব্যাকৰণ খ অংশ

Post a Comment

0 Comments