Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

যুদ্ধাস্ত্ৰ

যুদ্ধাস্ত্ৰ

--আবুল কালাম আজাদ

যুদ্ধাস্ত্ৰ


যুদ্ধাস্ত্ৰ

সম্প্রতি বিশ্বৰ প্ৰতিযোগিতা

মৌলিক অধিকাৰ --- যুদ্ধাস্ত্ৰ

ধ্বংসই অতি মানৱতাৰ সভ্যতা

নাই কোনো বাস্তৱতা

এই যুগত দেশপ্ৰেমিকেই সন্ত্রাসবাদী

ক্ষমতাশালী দেশদ্ৰোহীয়েই দেশ প্ৰেমিক

দখলদাৰ সফল শাসক

 দেশবাসী পৰাধীনৰ কাৰাগাৰত আবদ্ধ

ঐক্যৰ মূল-চাবি-কাঠি অনৈক্যৰ জালত বিদস্ত

বিজ্ঞানৰ ন-ন আৱিস্কাৰ

যুদ্ধাস্ত্ৰ --ধ্বংসই যাৰ লক্ষ্য

তৃতীয় বিশ্বযুদ্ধৰ উকমুকণি

মানৱতাৰ নামত ভণ্ডামী

মানুহ বর্তি থাকিবনে পৃথিৱীত

ক্ষমতাৰ কিয় ইমান প্রয়োজন

লাগেনে অৰ্দ্ধ পৃথিৱী বা পূর্ণপৃথিৱী

শাসনৰ ৰাজত্ব

হবনে অজৰ-অমৰ পূর্ণ পৃথিৱী

 শাসকৰ একনায়কত্ব

সম্প্ৰতি কিমান যে শিশু-কন্যা

আবাল-বৃদ্ধ, বনিতা

মৃত্যুৰ শষ্যাত শায়িত

মৃত্যুৰ কিৰিলি

মৰা দেহৰ দুৰ্গন্ধ

নিৰ্দোষী-নিষ্পাপ, শিশু-জনতাৰ ধ্বংসযজ্ঞ

হায় মানৱতা

কি অদ্ভুত ---- যুদ্ধাস্ত্ৰ !


Read More:

মানৱ যন্ত্ৰ 

Post a Comment

0 Comments