Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

কঁঠাল | Jackfruit in Assaamese

 

কঁঠাল

 

কঁঠাল

কঁঠাল এবিধ ডাঙৰ আকৃতিৰ পুষ্টিকৰ ফল৷ ভাৰত বৰ্ষৰ কেৰেলা ৰাজ্যত আটাইতকৈ বেছি কঁঠান উৎপন্ন হয়৷ অসমৰ প্ৰায় সকলো মানুহৰ ঘৰতে এজোপা হ’লেও কঁঠাল গছ আছে৷ কঁঠালক ঔষধি গুণৰ ভঁৰাল বুলি ক’ব পাৰি৷ স্বাস্থ্য ৰক্ষাৰ বাবে কঁঠালত প্ৰচুৰ পৰিমাণে উপাদান আছে৷

কঁঠালৰ গুণাগুণঃ

কঁঠালত প্ৰচুৰ পৰিমাণে ‘ভিটামিন - চি’ থকাৰ বাবে ই দাঁতৰ আলু আৰু মুখৰ ঘাঁ প্ৰতিৰোধ কৰাত সহায় কৰে৷

কঁঠালত চৰ্বি জাতীয় উপাদান নাই বুলিয়েই ক’ব পাৰি৷ সেয়ে কঁঠাল খালে ওজন বৃদ্ধিৰ কোনো আশংকা নাই৷

কঁঠালত সৰ্বোচ্চ পৰিমাণে ‘পটাচিয়াম’ থকাৰ বাবে উচ্ছ ৰক্তচাপ তথা বিভিন্ন হৃদৰোগ নিৰাময়ত সহায় কৰে৷

কঁঠালত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থকাৰ বাবে দেহৰ ক্ষতিকাৰক ‘ফ্ৰী-ৰেডিকেলচ’ ধ্বংস কৰি শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

কঁঠালত থকা ‘এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টচ আৰু ফ্লেভ’নয়ডে’ স্তন, পাকস্থলী আৰু হাওঁফাওঁ আদিৰ কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷

কঁঠালত থকা খনিজ উপাদানে তেজৰ শৰ্কৰা বা চেনীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ বাবে ডায়বেটিছ ৰোগ নিয়ন্ত্ৰণত কঁঠালৰ ভুমিকা অপৰিসীম৷

পানী লগা কাঁহ প্ৰতিৰোধৰ বাবে কঁঠাল বৰ উপকাৰী৷

কঁঠালত প্ৰচুৰ পৰিমাণে থকা ‘ভিটামিন - এ’ দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে। কুকুৰিকণা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কঁঠালৰ বিকল্প নাই৷

কঁঠালত থকা ‘ভিটামিন - বি’ হৃদৰোগ নিৰাময় কৰাৰ উপৰিও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰি ছাল নিমজ কৰাত যথেষ্ট ভুমিকা পালন কৰে৷

কঁঠালত থকা ‘আঁহ’ (ফাইবাৰ) উপাদানে কোষ্ঠকাঠিন্যতা দূৰ কৰাৰ উপৰিও হজম শক্তি বৃদ্ধি কৰে৷

কঁঠাল আলচাৰ প্ৰতিৰোধী গুণেৰে ভৰা৷ ই পেটৰ আলচাৰ নিৰাময় কৰে আৰু পাচন প্ৰণালী শক্তিশালী কৰি হজম প্ৰক্ৰিয়াৰ আসোঁৱাহ দূৰ কৰে৷

কঁঠালত থকা ‘কেলছিয়াম আৰু মেগনেছিয়ামে’ হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷

কঁঠালত থকা ‘প্ৰ’টিন’ দেহৰ কোষ গঠনত মূখ্য ভুমিকা পালন কৰে৷ কঁঠালৰ গুটিতো যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে৷

শাৰাৰিক দুৰ্বলতা উপশমৰ বাবে কঁঠাল বৰ উপকাৰী৷ কঁঠাল এজমা ৰোগীৰ বাবেও উপকাৰী৷

কঁঠালত যথেষ্ট পৰিমাণে ‘কপাৰ’ থাকে৷ কপাৰে থাইৰয়ড গ্ৰন্থিক কাৰ্যক্ষম কৰি থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে৷

কঁঠালত থকা আয়ৰণ আৰু খনিজ পদাৰ্থই ৰক্তহীনতা দূৰ কৰি তেজ সুচলভাৱে চলাচল কৰাত সহায় কৰে৷

গৰ্ভভতী মহিলা প্ৰতিদিন দুইশ গ্ৰাম পকা কঁঠাল খালে গৰ্ভস্থ শিশুৰ পুষ্টিৰ অভাৱ দূৰ হোৱাৰ লগতে শিশুৰ সামগ্ৰিক বিকাশ লাভ হয়৷ স্তন্যদায়ী মাতৃৰ গাখীৰৰ পৰিমাণও যথেষ্ট বৃদ্ধি হয়৷

মুঠতে কঁঠালত থকা সকলো উপাদানেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি শৰীৰক সুস্থ্য-সবল কৰি ৰাখে৷ 0 0 0

Post a Comment

0 Comments