আমাৰ কৰ্তব্য
(শিশু প্ৰবন্ধ)
আমাৰ এজন সৰ্ব শক্তিমান সৃষ্টিকৰ্তা আছে৷ তেওঁ এক অদ্বিতীয়৷ সকলো বস্তু তেওঁৱেই সৃষ্টি কৰিছে ৷ তেওঁৱেই চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ, জীৱ-জন্তু সৃষ্টি কৰিছে৷ গতিকে তেওঁক নিয়মিত প্ৰাৰ্থনা কবি লাগে ৷
পিতৃ-মাতৃয়ে আমাক জন্ম দিছে৷ অশেষ কষ্ট কৰি আমাক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে৷ আমি তেওঁলোকৰ কথা নুশুনিলে মনত বৰ কষ্ট পায়৷ পিতৃ-মাতৃৰ আশীৰ্বাদ পালে মানুহ সুখী হ’ব পাৰে ৷ গতিকে আমি পিতৃ-মাতৃক সন্মান কবি লাগে৷ তেওঁলোকৰ কথামতে চলিব লাগে ৷
আমি শিক্ষক-শিক্ষয়িত্ৰীকো সন্মান কৰিব লাগে৷ শিক্ষকে গুণী ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানতকৈ বেছি মৰম কৰে ৷ তেখেতসকলে ছাত্ৰ-ছাত্ৰীৰ উন্নতি কামনা কৰে৷ আমি সদায় শিক্ষকৰ হাক বচন মানি চলিব লাগে ৷
আমাতকৈ জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিব লাগে৷ মনত দুখ পোৱা কথা ক’ব নালাগে৷ আমাতকৈ সৰুক মৰম কৰিব লাগে৷ জ্ঞানীলোকৰ আদৰ্শ লৈ চলিব লাগে ৷
বিদ্যালয় ঘৰ, চৌহদ চাফা কৰি ৰাখিবলৈ আমি যত্নবান হ’ব লাগে৷ আমাৰ বহী কিতাপো চাফ-চিকুণকৈ ৰাখিব লাগে৷ আমাৰ হাতৰ আখৰ ভাল হ’ব লাগে৷ আমাৰ দেশখনক ভাল পাবলৈ শিকিব লাগে ৷ কাকো হিংসা কৰিব নালাগে ৷ আনৰ কেতিয়াও অপকাৰ কৰিব নালাগে৷ আমি পৰৰ উন্নতিত আনন্দ পাব লাগে৷ নিঃসহায় লোকক পুতৌ কৰিব লাগে৷ তেতিয়া সৃষ্টিকৰ্তাই আমাক সহায় কৰিব ৷ 0 0 0
0 Comments
Comment should be formative and suggestive.