বুধিয়ক কাউৰী
এজনী কাউৰী৷ পিয়াহত তাইৰ অণ্ঠকণ্ঠ শুকাই গৈছে৷ বতৰ বৰ খৰাং৷ ক’তো এটোপা পানী পাবলৈ নাই৷ তাই উৰি গৈ এঘৰ মানুহৰ ওচৰত এটা পানীৰ কলহ দেখা পালে৷ ওচৰত কোনো মানুহ-দুনুহ নাই৷
কলহ দেখি তাইৰ মনত বৰ ৰং লাগিল৷ অন্তত তাই কোনোমতে ডিঙিটো তিয়াব পাৰিব৷ কিন্তু কলহটোৰ ওচৰলৈ গৈ দেখিলে যে পাত্ৰটোৰ তলিতহে অলপমান পানী আছে৷ ঠোঁটেৰে তাই পানী কোনোমতে ঢুকি নাপায়৷ কাউৰীজনীয়ে এতিয়া কি কৰিব? তাই বৰ বুধিয়ক আছিল৷ কাউৰীজনীয়ে অলপ আঁতৰত কিছুমান শিলগুটি থকা দেখা পালে৷
সি অলপ চিন্তা কৰি শিলগুটিবোৰৰ পৰা এটি-এটিকৈ শিলগুটি আনি কলহত পেলাবলৈ ধৰিলে৷ কলহৰ তলিত শিলগুটি পৰি কলহৰ পানী অলপ ওপৰলৈ উঠি আহিল৷
কাউৰীজনীয়ে তেতিয়া সেই পানী সহজে
ঢুকি পোৱা হ’ল৷ কাউৰীজনীয়ে হেঁপাহ পলুৱাই পানী পান কৰি উৰি গুচি গ’ল৷
অভাৱেই আৱিষ্কাৰৰ মূল
বুদ্ধি যাৰ জয় তাৰ৷
এতেকে বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি৷ 0 0 0
0 Comments
Comment should be formative and suggestive.