Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

মাৰতা আলবানীয়া

 

মাৰতা আলবানীয়া

(অনুদিত গল্প)

- জিব্ৰান খলীল জিব্ৰান


মাৰতা আলবানীয়া

তাই কোলাত থকা অৱস্থাতেই দেউতাৰ মৃত্যু হল৷ দহ বছৰ পূৰণ নহওঁতেই মাকৰো মৃত্যু হ’ল৷ এনেদৰে তাইক অনাথ অৱস্থাত জীৱন-যাপন কৰিবৰ বাবে এজন দুখীয়া প্ৰতিবেশীৰ ঘৰত এৰি থৈ যোৱা হ’ল যিজনে নিজৰ পত্নী আৰু সন্তান কেইটাৰ সৈতে লেবাননৰ সুন্দৰ উপত্যকাৰ মাজত অৱস্থিত অকলশৰীয়া খেতি পথাৰত জীৱন যাপন কৰিছিল৷

দেউতাকে মৃত্যুৰ সময়ত তাইৰ বাবে নিজৰ নামটো আৰু গছ-গছনিৰ মাজত অৱস্থিত এটা সামান্য পঁজাঘৰৰ বাহিৰে আন একো বস্তু এৰি থৈ যোৱা নাছিল৷ মাকেও মৃত্যুৰ সময়ত তাইৰ বাবে দুখৰ চকুলো আৰু অনাথৰ কলঙ্কৰ বাহিৰে আন একোৱেই দি যোৱা নাছিল৷ এনেদৰে তাই নিজৰ জন্মস্থানতেই  ওখ ওখ শিল আৰু জোপোহা গছবোৰৰ মাজত অচিনাকী ভাবে দিনবোৰ অতিবাহিত কৰিবলৈ ধৰিলে৷ তাই প্ৰতিদিনে ৰাতিপুৱা ফটা ছিঙা কাপোৰ পিন্ধি খালী ভৰিৰে এজনী খীৰতী গাইৰ পিছে পিছে উপত্যকাৰ ফালে ওলায় যায় যত সেউজীয়া ঘাঁহনি পথাৰবোৰ আছিল৷ তাত তাই গছৰ ছাঁত বহি ঘন চিৰিকাৰ সৈতে সুৰ মিলায়, নিজৰাৰ সৈতে কান্দে, গাইজনীয়ে অত্যাধিক খোৱাৰ বাবে হিংসা কৰে, লগতে কোমল আৰু লহপহকৈ বাঢ়ি অহা ঘাঁহবোৰৰ বিষয়ে চিন্তা কৰে৷

যেতিয়া সূৰ্য অস্ত যোৱাৰ সময় হয় আৰু ভোকে কাতৰ কৰি পেলায় তেতিয়া সেই পঁজাঘৰলৈ উভতি আহে আৰু নিজৰ গৰাকীৰ শিশু কেইটাৰ সৈতে বহি তেল আৰু চিৰকাত সিদ্ধ কৰা কিছু তৰকাৰী আৰু শুকান ফলৰ সৈতে মাকৈৰ ৰুটী খায়৷ তাৰ পিছত শুকান ঘাঁহৰ বিচনাত নিজৰ হাতখনকেই গাৰু কৰি এইটো আশা লৈ শান্তিৰে শুই থাকে যে যদিহে গোটেই জীৱনটো গভীৰ টোপনি হলহেঁতেন, যাক কোনো সপোনে ভঙ্গ কৰিব নোৱাৰে বা কোনো উজাগৰে ব্যাঘাত জন্মাব নোৱাৰে৷ সূৰ্য উদয়ৰ সময়ত গৰাকীয়ে নিত্যকৰ্ম সম্পন্ন কৰাৰ বাবে জগাই দিয়াৰ লগে লগে তাই তেওঁৰ খং-ৰাগৰ প্ৰতি শংকিত হৈ খৰধৰকৈ টোপনিৰ পৰা উঠি পৰে৷

দূৰণিৰ উপত্যকা আৰু দাঁতি কাষৰীয়া অঞ্চলবোৰৰ মাজত অভাগীয়া মাৰতাৰ দিনবোৰ এনেদৰে অতিবাহিত হৈ গল৷ তাই গছৰ ডালৰ দৰে লহপহকৈ বাঢ়ি আহিল৷ অজানিতে তাইৰ অন্তৰত চিন্তা-ভাৱনাবোৰ এনেদৰে জন্ম লবলৈ ধৰিলে যেনেদৰে ফুলৰ গভীৰতাত সুগন্ধিৰ সৃষ্টি হয়৷ তাইৰ অন্তৰত ভাবনাবোৰে এনেদৰে ঢৌ খেলিবলৈ ধৰিলে যেনেদৰে কোনো এটা টুকুৰাই পানীৰ ঢৌৰ সৈতে খেলা কৰে৷ তাই পৱিত্ৰ মাটিৰ দৰে চিন্তাশীল শিশু হৈ উঠিল, যিডৰা মাটিত কোনো বীজ ৰোপন কৰা হোৱা নাই বা কোনোৱে ইচ্ছাকৃতভাৱে তাৰ ওপৰত খোজ দিয়া নাই৷ এনেদৰে ভাগ্যৰ আদেশ অনুযায়ী পৱিত্ৰ আত্মাটোৰ দৰে সেই খেতিপথাৰত তাই ডাঙৰ হ, ত বছৰৰ ঋতুৰ সৈতে জীৱনৰ পৰিৱৰ্তন ঘটে৷ যেন তাই আকাশ, পৃথিৱী আৰু সূৰ্যৰ মাজত বহি থকা কোনো অদৃশ্য প্ৰভুৰ ছাঁটোহে৷

আমি যিসকল লোকে জীৱনৰ সৰহভাগ সময় ব্যস্ত চহৰত অতিবাহিত কৰো সেইসকলে লেবাননৰ গাঁৱলীয়া লোকসকলৰ জীৱন আৰু দাঁতি কাষৰীয়া অঞ্চলবোৰৰ বিষয়ে প্ৰায় একোৱেই নাজানো৷ আমি আধুনিক সভ্যতাৰ ঢৌৰ সৈতে বৈ গৈছো, যাৰ ফলত পৰিস্কাৰ আৰু পৱিত্ৰতাৰে পৰিপূৰ্ণ সহজ সৰল আৰু সুন্দৰ জীৱন দৰ্শনৰ বিষয়ে পাহৰি গৈছো বা পাহৰিবলৈ বাধ্য হৈছো৷ যিটো জীৱনৰ বিষয়ে আমি যদি চিন্তা কৰো তেনেহলে তাক বসন্ত ঋতুত মিছিকীয়াই থকা, গ্ৰীষ্ম কালত ভাৰী ও গধুৰ, বৰ্ষাকালত ব্যস্ত, শীতকালত আৰামদায়ক আৰু সকলো সময়তে আমাৰ মাঁৰ স্বভাৱৰ দৰে আমি দেখিবলৈ পাম৷ আমি গাঁওবাসীতকৈ আৰ্থিক দিশত টনকীয়াল, কিন্তু আত্মীয়তাৰ ক্ষেত্ৰত তেওঁলোক আমাতকৈ শ্ৰেষ্ঠ৷ আমি অধিক খেতি কৰোঁ কিন্তু তাৰ পৰা কোনো ফল নাপাওঁ৷ তাৰ বিপৰীতে তেওঁলোক যিমান খেতি কৰে সিমান চপায়৷ আমি লোভৰ গোলাম আৰু তেওঁলোক সন্তুষ্টিৰ পাত্ৰ৷ আমি হতাশা, আশঙ্কা আৰু দুখ কষ্টৰে মিশ্ৰিত জীৱন যাপন কৰোঁ আৰু তেওঁলোকে পৰিস্কাৰ জীৱন অতিবাহিত কৰে৷

মাৰতাই ১৬ বছৰত ভৰি দিলে৷ তাইৰ আত্মা পালিছ কৰা আইনাৰ দৰে হৈ পৰিল যত খেতি পথাৰৰ সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়৷ লগতে তাইৰ হৃদয় উপত্যকাৰ খালী ঠাইৰ দৰে হৈ পৰিল৷ যত প্ৰতিটো মাতৰ প্ৰতিদ্ধনি শুনিবলৈ পোৱা যায়৷

বৰ্ষাকালৰ এদিনাখন ভাগৰত ক্লান্ত হৈ পৰা দেহক আৰাম দিবলৈ, যেনেদৰে কবি হৃদয়ত কল্পনাবোৰ ফুটি উঠে ঠিক তেনেদৰে মাটিৰ পৰা ফুটি উঠা নিজৰাটোৰ পাৰত তাই বহিল৷ তাত তাই গছৰ পকা পাতবোৰে লৰচৰ কৰা আৰু সেইবোৰৰ সৈতে বতাহে খেলা-ধূলা কৰা লক্ষ্য কৰে যেনেদৰে মৃত্যুৱে মানুহৰ আত্মাৰ সৈতে খেলা কৰে৷ তাৰ পিছত তাই ফুলবোৰৰ ফালে লক্ষ্য কৰি দেখে যে সেইবোৰ মৰহী গৈছে আৰু মাজভাগ শুকাই যোৱাৰ ফলত ফাটি গৈছে৷ যাৰ ফলত তাৰ গুটিবোৰ মাটিত এনেদৰে সিঁচৰতি হৈ পৰিছে যেনেদৰে যুদ্ধ বিগ্ৰহৰ সময়ত মহিলাসকলে নিজৰ আ-অলঙ্কাৰৰ সৈতে কৰে৷

যিসময়ত তাই গছ গছনি আৰু ফুলবোৰৰ ফালে লক্ষ্য কৰি আছিল, লগতে গ্ৰীষ্ম ঋতুৰ বিৰহৰ বেদনা অনুভৱ কৰি আছিল, ঠিক সেইসময়তে উপত্যকাৰ নিজান ঠাইত ঘোঁৰাৰ খোৰাৰ শব্দ শুনিবলৈ পায় সেইফালে লক্ষ্য কৰি দেখিলে যে এজন আশ্বাৰোহী তাইৰ ফালে ধীৰ গতিত আহি আছে৷ যেতিয়া সি আহি নিজৰাটোৰ কাষ পালে যাৰ চেহেৰা পাতি আৰু পৰিধানে তাৰ সম্ভান্ত পৰিয়ালৰ লোক হোৱাৰ পৰিচয় বহন কৰি আছিল৷ সি নিজৰ ঘোঁৰাৰ পিঠিৰ পৰা নামিল আৰু তাইক ইমান মৰমীয়াল ভাবে ছালাম জনালে যাৰ অভ্যাস ইয়াৰ পূৰ্বতে কোনো লোকৰ ফালৰ পৰা তাই পোৱা নাছিল৷ তাৰ পিছত সি তাইক সুধিলে যে মই সমুদ্ৰৰ পাৰলৈ যোৱা পথটো পাহৰিছো৷ হে যুৱতী ! তুমি মোক সেই পথটোৰ সম্ভেদ দিব পাৰিবানে? তাই নিজৰাৰ পাৰত গছৰ ডালৰ দৰে থিয় হৈ থাকি উত্তৰত কলে, ‘হে মহাশয় ! মই নাজানো, আপুনি গৈ মোৰ গৰাকীক সোধক৷ তেওঁ এই বিষয়ে ভালদৰে জানিব৷

তাই এই কথাখিনি অতি পৱিত্ৰ সুৰত কলে৷ ইতিমধ্যে লাজে তেওঁৰ সৌন্দৰ্য  আৰু নম্ৰতা অধিক বৃদ্ধি কৰি তুলিলে৷ যেতিয়া তাই যাবলৈ ওলাল তেতিয়া মানুহজনে তাইক বাধা দিলে৷ ইতিমধ্যে তাৰ শৰীৰত যৌৱনৰ সিহঁৰণ দৌৰিবলৈ ধৰিলে আৰু তাৰ দৃষ্টি সলনি হৈ পৰিল আৰু কলে, নাই, তুমি নাযাবা৷ তাই একে ঠাইতে আচৰিত ভাবে থিয় হৈ ৰল৷ তাইৰ এনেকুৱা অনুভৱ হল যেন তাৰ মাজত এনে কোনো শক্তি আছে যিয়ে তাইক লৰচৰ কৰাত বাধা দি আছে৷ যেতিয়া তাই লাজুকীয়া চাৱনিৰে তাৰ ফালে চালে তেতিয়া দেখিলে যে সি তাইক এনেদৰে মনোযোগেৰে চাই আছে যাৰ অৰ্থ তাই বুজি নাপালে৷ সি তাইৰ ফালে চাই এনেদৰে মিছিকিয়াই আছিল যেন তাৰ মধুৰতাই তাইক কন্দুৱাই পেলাব৷ সি অতি মনোযোগেৰে তাইৰ খালী ভৰি দুখন, তাৰ কলাফুল দুটি, তাইৰ দীঘল ডিঙি আৰু তাইৰ ঘন আৰু কোমল চুলিবোৰৰ ফালে চাই আছিল, লগতে অতি আগ্ৰহ আৰু উৎকণ্ঠাৰে চিন্তা কৰি আছিল যে সূৰ্য্যই তাইৰ মুখমণ্ডলক কেনেদৰে উজ্জল কৰি তুলিছে আৰু প্ৰকৃতিয়ে তাইৰ বাহুক শক্তি প্ৰদান কৰিছে৷ তাৰ বিপৰীতে তাই লাজতে কোচমোচ খাই আছিল আৰু যাবলৈ খুজিছিল যদিও কোনো অজ্ঞাত কাৰণত তাই কবলৈ শক্তি পোৱা নাছিল৷

সেইদিনা গধুলি খিৰতী গাইজনী গোহালিলৈ অকলে উভতি আহিল৷ কিন্তু মাৰতা ঘূৰি নাহিল৷ যেতিয়া তাইৰ গৰাকী খেতি পথাৰৰ পৰা উভতি আহিল  তেতিয়া তাইক সেই অঞ্চলত বহুত বিচাৰিলে যদিও তাইৰ কোনো সন্ধান নাপালে৷ তেওঁ তাইৰ নামলৈ চিঞৰি চিঞৰি মাতিলে৷ কিন্তু গছৰ মাজত বতাহৰ চৰচৰ শব্দ আৰু নিজৰ মাতৰ প্ৰতিধ্বনিৰ বাহিৰে আন কোনো উত্তৰ নাপালে৷ তেওঁ দুঃখিত মনেৰে পজাঁঘৰলৈ উভতি আহিল আৰু নিজৰ পত্নীক খবৰ দিলে৷ অভাগীয়া তিৰোতাজনীয়ে ওৰে নিশা কান্দিলে৷ তাই মনে মনে কৈ আছিল, ‘মই তাক এবাৰ সপোনত হিংসুক জন্তুবোৰে তাইৰ শৰীৰক ফালি ছিঙি থকা দেখিছিলো আৰু সেই সময়তো তাই মিচিিকয়াই আছিল আৰু কান্দি আছিল৷

সংক্ষিপ্ততে সেই সুন্দৰ খেতি পথাৰত জীৱন যাপন কৰা মাৰতাৰ জীৱনৰ বিষয়ে মই ইমানেই জানিছিলো৷ মই এজন বৃদ্ধ গাঁওবাসীৰ পৰা তাইৰ বিষয়ে জানিবলৈ পাইছিলো যিজনে তাইক বাল্যকালৰ পৰা যৌৱন অৱস্থালৈ আৰু তাৰ পিছত সেই ঠাইৰ পৰা নিৰুদ্দেশ হোৱাৰ সময়লৈকে তাইৰ বিষয়ে সকলো কথা জানিছিল৷ নিৰুদ্দেশৰ সময়ত তাই নিজৰ গৰাকীৰ পত্নীৰ চকুত কিছু চকুলো আৰু সেই উপ্যতাকাৰ মলয়া বতাহৰ সৈতে উৰি ফুৰি কিছুমান মধুৰ স্মৃতিৰ বাহিৰে  আন একোৱেই এৰি যোৱা নাছিল৷ তাৰ পিছত সেইবোৰ লাহে লাহে এনেদৰে অদৃশ্য হৈ পৰিল যেনেদৰে খিড়িকীৰ ফাকেৰে অহা কোনো শিশুৰ চিঞৰ৷

(২)

১৯০০ চনৰ বৰ্ষা ঋতু আহিল আৰু উত্তৰ লেবাননত স্কুলীয়া ছুটি অতিবাহিত কৰাৰ পিছত বেইৰুতলৈ উভতি আহিলো৷ স্কুলত প্ৰবেশ কৰাৰ আগতে সম্পুৰ্ণ এক সপ্তাহ মই নিজৰ বন্ধু বান্ধবৰ সৈতে স্বাধীনতাৰ আনন্দ উপভোগ কৰি অতিবাহিত কৰিলো, যি স্বাধীনতাৰ যুৱ সমাজে ভাল পায় আৰু যাৰ পৰা তেওঁলোক ঘৰ আৰু স্কুলৰ চাৰিবেৰৰ মাজত  বঞ্চিত হৈ থাকে৷ এই কালচোৱাত আমি সেই ঘৰচিৰিকাবোৰৰ দৰে আছিলো যিয়ে সন্মুখত পিঞ্জৰাৰ দুৱাৰ খোলা দেখি গীত গাই তৃপ্তী লভিবলৈ আৰু পৰিৱৰ্তনৰ আনন্দ উপভোগ কৰিবলৈ উৰি গুছি যায়৷ যুৱ সমাজৰ কিছুমান সপোন আছে যাৰ মধুৰতাক কিতাপৰ মেৰপাকে অধিক জটিল কৰি তোলে৷

এনে এটা দিন আহিবনে যিদিনাখন বুদ্ধিজীৱি লোকসকল যুৱকসকলৰ আশা আকাংখা আৰু জ্ঞানৰ আনন্দৰ মাজত সহমতত উপনীত হব যেনেদৰে খংবোৰ পলায়নবাদী হৃদয়বোৰত গোট খায়৷ এনে এটা দিন আহিবনে যিদিনাখন প্ৰকৃতি হব মানৱ সমাজৰ শিক্ষক, মানৱতা হব তাৰ কিতাপ আৰু জীৱনতো হব শিক্ষানুষ্ঠান ! সেই দিনটো আহিবনে ? আমি নাজনো, কিন্তু আধ্যাত্মিক দিশৰ ফালে হোৱা আমাৰ মন্থৰ প্ৰগতিৰ জৰিয়তে আমি তাক লৈ অনুভৱ কৰিব পাৰো৷ সেই প্ৰগতি হৈছে আমাৰ আত্ম পৰ্যালোচনা আৰু প্ৰেমৰ জৰিয়তে সৌন্দৰ্য উপভোগ কৰা৷

এদিনাখন আবেলি মই ঘৰৰ চোতালত বহি চহৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ লানি নিচিঙা চিঞৰ বাখৰবোৰৰ বিষয়ে ভবা গুণা কৰি আছিলো আৰু নিজৰ ওচৰত থকা উৎকৃষ্ট সামগ্ৰী আৰু খাদ্য বস্তু বিক্ৰী কৰাৰ বাবে পথত মাত লগাই ফুৰা মানুহবিলাকৰ চিঞৰ-বাখৰ শুনি আছিলো৷ এনেতে কান্ধত ফুলৰ মালাৰ টুকুৰী এটা লৈ পাঁচ বছৰীয়া শিশু মোৰ ওচৰ চাপিল আৰু উত্তৰাধীকাৰী সূত্ৰে পোৱা কলঙ্ক আৰু বেদনাদায়ক নিঃকিনতাৰ বোজাত যাঁহ যোৱা দুৰ্বল মাতেৰে সুধিলে, হে মহাশয় ! আপুনি ফুল কিনিবনে?

মই তাৰ শেতা পৰা সৰু মুখখনৰ ফালে চালো আৰু তাৰ কলা চকুযুৰিত বেদনা আৰু অভাৱ অনাটনৰ ভাব অনুভৱ কৰিলো৷ তাৰ মুখখন অলপ মেল খাই আছিল যেন শোকাকুল অন্তৰত এটুকুৰা ডাঙৰ ঘাঁ বা জখমহে৷ হাতদুখন খালী আৰু দুৰ্বল, দুৰ্বল শৰীৰটো ফুলৰ মালাৰ ভৰৰ বাবে এনেদৰে বেকা হৈ গৈছে যেনেদৰে স্বয়ংক্ৰিয়ভাবে গজি উঠা লতাৰ বোজাত হালি পৰা দুৰ্বল গোলাপৰ ডালহে৷ এই সকলোবোৰ কথা ওঠত হাঁহিৰ ভাবলৈ- যিটো প্ৰকৃততে চকুলোৰ প্ৰতীক আছিল-ক্ষন্তেকৰ ভিতৰতে চিন্তা কৰিলো৷ যি হাঁহি আমাৰ অন্তৰৰ গভীৰতাৰ পৰা ওলায় আৰু আমাৰ ওঠত বিৰিঙি উঠে৷ আমি যদি তাক তাৰ প্ৰকৃত অৱস্থাত এৰি দিওঁ তেনেহলে সেইবোৰ আমাৰ চকুৰে বৈ পৰিব৷আৰু এই দৃষ্টিৰে কেতিয়াও নাচাইছিল যে সিহঁত প্ৰকৃততে কালৰ শৰে বিন্ধি থকা সৰকা কৰা ক্ষুদ্ৰ জীৱহে৷ সেয়েহে মই তাক সেই সময়ত সুধিলো৷

তোমাৰ নাম কি? সি তল ফালে চাই উত্তৰ দিলে, মোৰ নাম ফোআদ৷

মই সুধিলো, তুমি কাৰ পুত্ৰ আৰু তোমাৰ পৰিয়াল ক? সি কলে, মই মাৰতা আলবানীয়াৰ পুত্ৰ৷

মই সুধিলো তোমাৰ দেউতা ক? প্ৰত্যুত্তৰত সি সৰু মূৰটো এনেদৰে জোকাৰিলে যেন সি দেউতা শব্দৰ অৰ্থই নাজানে৷

মই সুধিলো, হে ফোআদ ! তোমাৰ মা ক? সি কলে, ঘৰত নৰিয়া অৱস্থাত৷

শিশুটিৰ মুখৰ পৰা ওলোৱা এই সংক্ষিপ্ত কথাখিনি মোৰ কাণত সোমাই পৰিল আৰু মোৰ মন মস্তিষ্কক তাৰ বেদনাদায়ক আৰু অদ্ভুত আকৃতিয়ে খামুচি ধৰিলে৷ কাৰণ ক্ষন্তেকৰ ভিতৰতে মই উপলব্ধি কৰি পেলালো যে যিজনী অভাগীয়া মাৰতাৰ কাহিনী মই গাঁৱলীয়া ব্যক্তিজনৰ পৰা শুনিছিলো সেইজনী এতিয়া নৰিয়া অৱস্থাত বেইৰুতত আছে৷ সেই শিশুটি যিজনী কালিলৈ সুখে সন্তোষে উপত্যকাৰ গছ-গছনিৰ মাজত দিনবোৰ অতিবাহিত কৰি আছিল, সেইজনীয়ে আজি চহৰত অভাৱ অনাটন আৰু ভোক পিয়াহ সহ্য কৰিবলগীয়া হৈছে৷ সেই মাউৰাজনী, যিজনীয়ে সুন্দৰ খেতি-পথাৰত আনন্দ মনেৰে গাই চৰায় নিজৰ যৌৱনকাল অতিবাহিত কৰিছিল, সেইজনী আজি নলা নৰ্দমাৰ পানীৰ সৈতে বৈ গৈছে৷ চহৰৰ লেতেৰা পানীৰ নলা লগতে দৰিদ্ৰতা আৰু দুখ কষ্টৰ বলি হৈছে৷

মই এই সকলোবোৰ কথা চিন্তা কৰি আছিলো আৰু শিশুটিয়ে মোৰ ফালে এনেদৰে চাই আছিল যেন সি তাৰ আত্মাৰ পৱিত্ৰ চকুৰে মোৰ অন্তৰৰ কথা বুজি পাইছে৷ যেতিয়া সি যাব খুজিলে তেতিয়া মই তাৰ হাতত ধৰি কলো, মোক তোমাৰ মাৰ ওচৰলৈ লৈ বলা, কাৰণ মই তেওঁক চাব বিচাৰো৷

সি মোৰ আগে আগে নিৰৱে খোজ ললে আৰু কেতিয়াবাব কেতিয়াবা পিচফালে চাই যে মই তাক প্ৰকৃততে অনুসৰণ কৰিছো নে নাই৷

সেই লেতেৰা অঞ্চলত, ত বতাহে মৃত্যুৰ সৈতে লুকা-ভাকু খেলে, সেই পুৰণা ঘৰবোৰৰ মাজত যত অপৰাধীক তত্বসমূহে অন্ধকাৰৰ আৰত লুকাই অপৰাধী কাৰ্যত লিপ্ত হয়৷ সেই অকোৱা পকোৱা গলিবোৰৰে ভয় আৰু আশঙ্কাত মই এজন কম বয়সীয়া শিশুৰ পিচে পিচে গৈ আছিলো৷ যিজন শিশু কম বয়সীয়া হোৱা স্বত্তেও সাহসী আছিল আৰু অসামাজিক লোকসকলৰ ষড়যন্ত্ৰৰ বিষয়ে একো নাজানিছিল৷ এনে এখন চহৰত যাক প্ৰাচ্যৰ লোকসকলে চিৰিয়াৰ ন-কইনা আৰু সম্ৰাটসকলৰ মুকুটৰ হীৰা আখ্যা দিছে৷ যেতিয়া আমি গৈ চহৰৰ শেষ ভাগ পালোগৈ তেতিয়া শিশুটি এটা সামান্য ঘৰত প্ৰৱেশ কৰিলে যত বহু বছৰ বছৰ ধৰি কোনোৱে বসবাস কৰা নাছিল৷

মই তাৰ পিচে পিচে প্ৰৱেশ কৰিলো আৰু যিমানেই মই ওচৰ চাপি গলো, মোৰ বুকুৰ ধপ্‌ধপনি ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিলে৷ অৱশেষত আমি গৈ এটা সেমেকা কোঠালীৰ মাজভাগত ভৰি দিলো যত সামগ্ৰীৰ নামত এটা দুৰ্বল চাকিৰ হালধীয়া পোহৰে অন্ধকাৰক চেৰ পেলাবলৈ চেষ্টা কৰি আছিল৷ এখন সৰু খাট আছিল যিয়ে সিহঁতৰ ককাঁল ভঙা দুখ দুৰ্দশা আৰু অভাৱ অনাটনৰ চিনাকী বহন কৰি আছিল৷ তাৰ ওপৰত এজনী মহিলা নিদ্ৰাৱস্থাত পৰি আছিল৷ মহিলাগৰাকীৰ মুখখন বেৰৰ ফালে আছিল যেন তাই সংসাৰৰ অত্যাচাৰৰ পৰা তাৰ জৰিয়তে সান্তনা লভিছে বা তাই সেই বেৰবোৰৰ মাজত মানুহৰ অন্তৰতকৈ অধিক নম্ৰ আৰু কোমল এখন হৃদয় বিচাৰি পাইছে৷ যেতিয়া শিশুটিয়ে আম্মা বুলি সম্বোধন কৰি তাইৰ ওচৰ চাপিল ... তেতিয়া তাই তাৰ ফালে মনোযোগ দি দেখিলে যে সি মোৰ ফালে ইঙ্গিত দি আছে৷ সেই সময়ত তাই পুৰনা লেপখনৰ মাজত অলপ লৰচৰ কৰিলে আৰু আত্মবেদনা আৰু তিতা হুমুনিয়াহ মিশ্ৰিত মাতেৰে সুধিলেঃ

হে মানুহ তোমাক কি লাগে? তুমি মোৰ অন্তিম জীৱনটো কিনি লৈ নিজৰ কামনা বাসনাৰে অপৱিত্ৰ কৰিবলৈ আহিছানে? তুমি মোৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ কাৰণ এই লেতেৰা অঞ্চলত তুমি অনেক মহিলা পাবা যিসকলে অতি কম মূল্যত তোমাৰ ওচৰত নিজৰ শৰীৰ আৰু আত্মা বিক্ৰী কৰিব৷ মোৰ ওচৰত বিক্ৰী কৰিবলৈ বিচ্ছিন্নভাবে আহি থকা অৱশিষ্ট উশাহ কেইটাৰ বাহিৰে একোৱেই নাই যাক অনতিপলমে মৃত্যুয়ে কবৰৰ আৰামৰ বিনিময়ত কিনি লব৷

মই তাইৰ খাটৰ ওচৰ চাপিলোঁ৷ ইতিমধ্যে তাইৰ কথাবোৰে মোক দুঃখিত কৰি পেলাইছিল৷ কাৰণ সেইবোৰ তাইৰ বেদনাদায়ক জীৱনৰ সাৰাংশ আছিল৷ মই এইটো আশা লৈ যে যদিহে মোৰ ভাবনাবোৰো মোৰ কথাৰ সৈতে প্ৰৱাহিত হলহেতেন, তাইক কলো,

হে মাৰতা ! তুমি মোক ভয় নকৰিবা৷ মই তোমাৰ ওচৰলৈ ভোকাতুৰ পশু হৈ অহা নাই৷ এজন শোকাকুল মানুহৰ দৰে আহিছো৷ মই এজন লেবাননী৷ মই সেই উপত্যকা আৰু ধান খেতিৰ ওচৰত অৱস্থিত গাঁওত বহুদিন বসবাস কৰিছো৷

তাই মোৰ কথাবোৰ শুনিলে আৰু অনুভৱ কৰিলে যে সেইবোৰ তাইৰ গভীৰতাৰ পৰা ওলাইছে৷ তাই শীতকালৰ বতাহৰ সন্মুখত পাতবিহীন ডালবোৰে লৰচৰ কৰাৰ দৰে নিজৰ বিচনাত অলপ লৰচৰ কৰিলে আৰু নিজৰ মুখখন হাতেৰে ঢাকি ধৰিলে, যেন তাই অতীতৰ সুমধুৰ স্মৃতিবোৰৰ জৰিয়তে নিজকে সেই ভয়াবহ ঘটনাৱলীৰ পৰা লুকাই ৰাখিব খুজিছে৷ কিছু সময় ভাগৰ মিশ্ৰিত শান্তিৰ পিচত তাইৰ শুকান হাত দুখনৰ ফাঁকেৰে তাইৰ মুখখন দেখা গল৷ মই দেখিলো যে তাইৰ গাতত সোমাই পৰা চকুহালে কোঠালিটোত ৰ লাগি শূন্যত কোনো অদৃশ্য বস্তু লক্ষ্য কৰি আছে৷ তাইৰ শুকান ওঠ দুটিক হতাশাৰ কম্পনে লৰচৰ কৰি আছে৷ তাইৰ ডিঙিৰ পৰা বিচ্ছিন্নভাবে মৃত্যুৰ আগমুহুূৰ্ততৰ গেৰগেৰণিৰ শব্দ ওলাই আছে৷ তাই অনুৰোধ আৰু কাকতি মিনতিৰ সুৰত দুৰ্বল মাতেৰে কলে...

তুমি মোৰ ওচৰলৈ হিতাকাংঙ্খী আৰু উপকাৰী ৰূপে আহিছা৷ সেয়েহে আকাশত থকাজনে মোৰ ফালৰ পৰা তোমাক ভাল প্ৰতিদান দিয়ে যেন, যদিহে কোনো পাপীক উপকাৰ কৰা নেকী হয় আৰু কোনো দুৰ্বলক মৰম স্নেহ কৰা পুণ্য হয়৷ তদুপৰি মই তোমাক অনুৰোধ কৰিছো যে তুমি যৰ পৰা আহিছা তালৈ উভতি যোৱা৷ কাৰণ এই ঠাইত তোমাৰ উপস্থিতিয়ে তোমাক কলঙ্কিত কৰিব আৰু মোৰ প্ৰতি থকা তোমাৰ সহানুভুতিয়ে তোমাক দোষাৰোপ কৰি পেলাব৷ গাহৰিৰ মল মুত্ৰৰে পৰিপূৰ্ণ এই লেতেৰা কোঠালিত তোমাক কোনোবাই দেখাৰ পূৰ্বতে তুমি ইয়াৰ পৰা উভতি যোৱা৷ তুমি নিজৰ মুখখন কাপোৰেৰে ঢাকি লৈ অনতিপলমে ইয়াৰ পৰা গুচি যোৱা যাতে কোনো পথিকে তোমাক চিনি নাপায়৷

তোমাৰ অন্তৰত মোৰ প্ৰতি যি সহানুভুতি আছে সেই সহানুভুতিয়ে মোৰ পৱিত্ৰতা কেতিয়াও ঘূৰাই আনিব নোৱাৰে আৰু মোৰ দুৰ্নাম দূৰ কৰিব নোৱাৰে লগতে মৃত্যুৰ শক্তিশালী হাত মোৰ অন্তৰৰ পৰা আঁতৰাব নোৱাৰে৷ মোৰ দৰিদ্ৰতা আৰু পাপৰ প্ৰায়শ্চিত্য ৰূপে মই অন্ধকাৰৰ গভীৰতাত সোমাই পৰিছো৷ সেয়েহে তুমি তোমাৰ সহানুভুতিক কলঙ্কৰ ওচৰ চাপিবলৈ নিদিবা৷ মই কবৰৰ মাজত বাস কৰা এজন কুষ্ঠৰোগী৷ তুমি মোৰ ওচৰলৈ নাহিবা, নহলে সমাজে তোমাক দোষাৰোপ কৰিব৷ তুমি এতিয়া ইয়াৰ পৰা যোৱা আৰু সেই পৱিত্ৰ উপত্যকাত মোৰ নাম কেতিয়াও স্মৰণ নকৰিবা৷ নহলে দলৰ পৰা আঁতৰি যোৱা ভেড়াবোৰে বিৰহৰ আশঙ্কাত নিজৰ ৰখীয়া বিলাকৰ আদেশ মানিবলৈ অমান্তি হব৷ যদি কেতিয়াবা মোক স্মৰণ কৰা তেতিয়া কবা যে মাৰতা আলবানীয়া মৰি গৈছে, তাৰ বাহিৰে আন একোৱেই নকবা৷

তাৰ পিছত নিজৰ পুত্ৰৰ সৰু হাত দুখনত ধৰি চুমা খালে আৰু হুমুনিয়াহ কাঢ়ি কলে, মানুহবিলাকে মোৰ লৰাৰ ফালে ঘৃণা আৰু ঠাট্টাৰ চকুৰে চাই ক, এইটো পাপৰ ফল৷ এইটো ব্যভিচাৰিনী মাৰতাৰ পুত্ৰ৷ এইটো কুকৰ্মৰ ফল৷ এইটো কলঙ্কৰ পুত্ৰ৷ সিহঁতে আৰু বহু কথাকেই কব৷ কাৰণ সিহঁত দৃষ্টিহীন, যাৰ ফলত সিহঁত দেখা নাপায়৷ সিহঁত মুৰ্খ যাৰ ফলত সিহঁত বুজি নাপায় যে তাৰ মাৰ বাল্যকাল দুখ কষ্টৰ মাজতো পৱিত্ৰ আছিল আৰু দৰিদ্ৰ আৰু অভাৱ অনাটনৰ মাজতো নিজৰ জীৱন সততাৰে পাৰ কৰিছে৷ কিছু সময় পিছত মোৰ মৃত্যু হব আৰু মই তাক এই লেতেৰা অঞ্চলৰ শিশুসকলৰ মাজত অনাথ অৱস্থাত কঠিন জীৱন যাপন কৰিবলৈ অকলশৰীয়াভাবে এৰি যাম৷ মই তাৰ বাবে কেৱল কিছুমান ভয়াবহ স্মৃতি এৰি থৈ যাম যিবোৰে তাক লজ্জিত কৰি তুলিব যদিহে সি ভীৰু বা কাপুৰুষ হয়, আৰু তাৰ তেজ গৰম হৈ উঠিব যদিহে সি ন্যায়পৰায়ণ আৰু সাহসী হয়৷ যদি আকাশত থকাজনে তাক ৰক্ষা কৰে আৰু সি এজন শক্তিশালী যুৱক হৈ উঠে, তেনেহলে আকাশত থকাজনে তাক সেইজনৰ বিৰুদ্ধে নিশ্চয় সহায় কৰিব যিজনে তাৰ লগতে তাৰ মাৰ ওপৰত অত্যাচাৰ কৰিছে৷ কিন্তু তাৰ যদি মৃত্যু হয় আৰু যুগৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰে তেনেহলে সি মোক তাৰ বাবে সেই ঠাইত অপেক্ষাৰত অৱস্থাত পাব যত পোহৰ আৰু শান্তি আছে৷

মই মোৰ অন্তৰৰ সমৰ্থনেৰে কলো, হে মাৰতা ! তুমি কুষ্ঠৰোগী নোহোৱা যদিও তুমি কবৰৰ মাজত বসবাস কৰি আছা৷ তুমি অপৱিত্ৰ নোহোৱা যদিও তুমি অপৱিত্ৰ লোকসকলৰ মাজত বাস কৰি আছা৷ তুমি জানা যে পৱিত্ৰ আত্মাই শৰীৰক স্পৰ্শ নকৰে আৰু শিলাবৃষ্টিয়ে জীৱন্ত বীজক মাৰিব নোৱাৰে৷ এই জীৱনটো এখন খেতি-পথাৰৰ দৰে৷ হে মাৰতা ! তোমাৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু অত্যাচাৰী হৈছে ঠেক মনোবৃত্তিৰ উচ্ছ অট্টালিকাত বাস কৰা সমৃদ্ধিশালী লোক৷ তুমি অত্যাচাৰ আৰু ঘৃণাৰ পাত্ৰ৷ মানুহৰ বাবে অত্যাচাৰী হোৱাতকৈ অত্যাচাৰৰ বলি হোৱা শ্ৰেষ্ঠ৷

হে মাৰতা ! জীৱনটো ঐশ্বৰীয় শিকলিৰ সৈতে জড়িত হৈ থকা সোণৰ শিকলিৰ এটা অংশ জুইয়ে পুৰি তাৰ আকৃতি সলনি কৰি পেলায় আৰু তাৰ সৌন্দৰ্য্যৰ বিলুপ্তি ঘটায়৷ কিন্তু সি সেই সোণক অন্য কোনো ধাতুলৈ ৰূপান্তৰিত কৰিব নোৱাৰে৷ বৰং তাৰ উজ্জলতা আৰু অধিক বৃদ্ধিহে পায়৷ তাৰ বিপৰীতে শুকান পাতবোৰক জুইয়ে পুৰি ছাই কৰি পেলায় আৰু বতাহে মৰুৰ বুকুত ছটিয়াই দিয়ে...৷ হে মাৰতা ! তুমি মানুহৰ আকৃতিত লুকাই থকা পশুৰ ভৰিৰে গছকি পেলোৱা এপাহি ফুল৷ সিহতৰ ভৰিয়ে তোমাক অতি নিষ্ঠুৰতাৰে গছকি পেলাইছে৷ কিন্তু বিধবাৰ কান্দোন, আনাথৰ চিঞৰ আৰু দয়া আৰু ন্যায়ৰ উৎপত্তি স্থল আকাশৰ ফালে উঠা দুখীয়া দৰিদ্ৰৰ হা-হুমুনিয়াই তোমাৰ সুগন্ধৰ বিলুপ্তি ঘটাব পৰা নাই৷ হে মাৰতা ! তুমি এইটোত সন্তুষ্ট হোৱা যে তোমাক গছকা হৈছে আৰু তুমি অন্যায় ভাবে কোনো এজনকো গছকা নাই৷

মই কথাবোৰ কৈ আছিলো আৰু তাই কান পাতি শুনি আছিল৷ মোৰ এই সমবেদনাই তাইৰ হালধীয়া মুখ-মণ্ডলক এনেদৰে উজ্জল কৰি তুলিলে যেনেদৰে অস্ত যাব ধৰা সূৰ্য্যৰ মিহি ৰশ্মিবোৰে মেঘৰ ফাকেৰে ভুমুকি মাৰে৷ তাৰ পিছত তাই মোক খাটৰ একাষত বহিবলৈ ইঙ্গিত দিলে৷ মই সেইদৰেই কৰিলো আৰু তাৰ শোকাকুল অন্তৰত লুকাই থকা আত্মবেদনাৰ বিষয়ে সুধিলো৷ জানিব বিচাৰিলো সেইজনীৰ মনোভাৱ যিজনীয়ে জানে যে  অনতি পলমে তাইৰ মৃত্যু হব৷ এটি কম বয়সীয়া শিশুৰ বিষয়ে প্ৰশ্ন কৰিলো৷ এজনী অৱহেলিত নাৰীৰ মনোভাৱ যিজনীয়ে তাইৰ পুৰণা বিছনাৰ চাৰিওফালে মৃত্যুৰ খোজ পৰা অনুভৱ কৰিছে৷ কালিলৈ তাই লেবাননৰ সুন্দৰ উপত্যকাৰ মাজত জীৱন আৰু শক্তিৰে পৰিপূৰ্ণ হৈ আছিল৷ আজি তাই দুৰ্বল হৈ পৰিছে আৰু জীৱনৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰিবলৈ অপেক্ষা কৰি আছে৷ কিছুসময় শান্তিৰে অতিবাহিত কৰাৰ পিছত তাই নিজৰ অৱশিষ্ট শক্তিখিনি একত্ৰিত কৰি কলে ইতিমধ্যে কথাৰ লগে লগে তাইৰ চকুলো বৈ পৰিল-

হয়, মই অত্যাচাৰৰ ভুক্তভোগী৷ মই মানুহৰ ভেশ¸ত লুকাই থকা পশুৰ বলি হৈছো৷ মই ভৰিৰে গছকি পেলোৱা এপাহি ফুল৷ যি সময়ত এজন অশ্বাৰোহী আহিল সেই সময়ত মই নিজৰাৰ পাৰত বহি আছিলো৷ সি মোক অতি মৰমীয়াল মাতেৰে সম্বোধন কৰিলে আৰু কলে যে মই অতি সুন্দৰ৷ সি মোৰ প্ৰেমত পৰিছে আৰু মোক এৰি নাযায়৷  সি এইটোও কলে, যে এই পৃথিৱীখন হিংসুক জন্তুৰে পৰিপূৰ্ণ আৰু উপত্যকা পক্ষী আৰু শিয়ালৰ বাসস্থান৷ তাৰ পিছত সি আগবাঢ়িল আৰু মোক সাৱতি লৈ চুমা খালে৷ তেতিয়ালৈকে মই কেতিয়াও চুম্বনৰ সোৱাদ পোৱা নাছিলো৷ কাৰণ মই এজনী অৱহেলিত অনাথ ছোৱালী আছিলো৷ সি মোক নিজৰ ঘোঁৰাৰ পিছত বহুৱাই লৈ এটা সুন্দৰ অকলশৰীয়া ঘৰলৈ লৈ গল৷ তাৰ পিছত মোৰ বাবে ৰেশমী বস্ত্ৰ, উৎকৃষ্ট সুগন্ধি আৰু সোৱাদ যুক্ত খাদ্য সামগ্ৰী যোগান ধৰিলে...৷ এই সকলোবোৰ সি নিজৰ উদ্দেশ্যৰ পশুত্ব আৰু কামনা বাসনা হাঁহিৰে লুকাই ৰাখি মৰমীয়াল মাত আৰু সুন্দৰ ভাব ভঙ্গিমাৰ জৰিয়তে সিদ্ধি কৰিলে৷

শৰীৰ সৈতে তৃপ্তি লাভ কৰি মোক কলঙ্কিত কৰাৰ পিছত মোৰ পেটত জলন্ত জুইৰ শিখা সুমুৱাই থৈ সি মোক এৰি গুছি গল৷ সেইকুৰা জুইয়ে মোৰ কলিজা খাই অতি সোনকালে বাঢ়ি আহিল৷ তাৰ পিছত মই ভোক পিয়াহ আৰু জ্বালা-যন্ত্ৰনা ভুগিবলৈ এই অন্ধকাৰৰ মাজলৈ গুছি আহিলো...৷  এনেদৰে মই মোৰ জীৱনটোক দুটা ভাগত বিভক্ত কৰি ললো৷ এটা ভাগ দুৰ্বল আৰু বেদনাদায়ক¸৷ আনটো ভাগ ছুটী, ত ৰাতিৰ শান্ত পৰিবেশত বৃহত্তৰ মহাকাশলৈ উভতি যোৱাৰ আশা৷ সেই অকলশৰীয়া ঘৰটোত অত্যাচাৰীয়ে মোক আৰু মোৰ কেচুৱাটিক ভোক-পিয়াহ, শীত আৰু অকলশৰীয়া জীৱনৰ যন্ত্ৰনা ভোগ কৰিবলৈ  এৰি গুছি গল৷ যত কান্দোন আৰু হা-হুমুনিয়াহৰ বাহিৰে আন কোনো সহায়ক নাছিল আৰু ভয় ও আকাঙ্খাৰ বাহিৰে আন কোনো সঙ্গী নাছিল৷

তাৰ বন্ধু বৰ্গই মোৰ এই ঠাইৰ কথা গম পালে লগতে মোৰ দৰিদ্ৰতা আৰু দুৰ্বলতাৰ বিষয়ে জানি এজনৰ পিছত এজনকৈ আহিবলৈ ধৰিলে৷ প্ৰত্যেকৰে উদ্দেশ্য আছিল মোৰ শৰীৰ স্পৰ্শ কৰাৰ বিনিময়ত ধন সম্পত্তি আৰু খাদ্য সামগ্ৰী প্ৰদান কৰা ...৷ আহ ! মই মোৰ আত্মাক পৰকাললৈ আগুৱাই নিবলৈ কিমান যে দমন কৰিলো৷ তাৰ পিছত মই কিছু সকাহ পালো, কাৰণ মই অকলে নাছিলো৷ মোৰ সৈতে এতিয়া মোৰ লৰাটো আছে যাক আকাশত থকাজনে তাৰ পৰা এই জীৱনলৈ আঁতৰাই পঠিয়াইছে৷ যেনেদৰে মোৰ জীৱন সংকোচিত কৰি এই ভয়াবহ গভীৰতাত পেলাই দিছে ...৷  এতিয়া সময় ওচৰ চাপি আহিছে আৰু মোৰ দৰা মৃত্যু বহুত দিনৰ বিৰতিৰ পিচত মোক কোমল বিছনালৈ আদৰি নিবলৈ আহি পাইছে৷

উৰি ফুৰা আত্মাবোৰৰ মধুৰ মিলনৰ দৰে গভীৰ শান্তিৰ পিছত মৃত্যুৰ ছাঁত মুদি থকা চকুদুটি তাই মেলিলে আৰু শান্তিৰ সুৰত কলে,

হে গোপন ন্যায় ! যাৰ আঁৰত বহুতো ভয়াবহ আকৃতি লুকাই আছে, তুমি আৰু তুমিয়েই মোৰ বিদায়ী আত্মা আৰু মোৰ ভাঙি পৰা অন্তৰৰ মিনতি শুনোতা৷ কেৱল তোমাৰ ওচৰতেই মই অনুৰোধ কৰিছো আৰু তোমাৰ ওচৰতেই কান্দিছোঁ৷ তুমি মোৰ ওপৰত দয়া কৰা৷ তোমাৰ সোঁ হাতেৰে মোৰ লৰাটোক ৰক্ষনা-বেক্ষণ দিয়া আৰু বাওঁ হাতেৰে মোক মৃত্যু প্ৰদান কৰা৷

তাইৰ শক্তি ভাঙি পৰিল৷ তাইৰ উসাহবোৰ দুৰ্বল হৈ আহিল৷ তাই নিজৰ লৰাটিৰ ফালে এবাৰ দুখ আৰু মৰমীয়াল চাৱনিৰে চালে৷ তাৰ পিছত তাইৰ চকু ঢলি পৰিল আৰু শান্তি মিশ্ৰিত মাতেৰে কলে, আমাৰ পিতা যিজন স্বৰ্গত আছে ..., তোমাৰ নাম পৱিত্ৰ কৰি ৰখাৰ উদ্দেশ্য ..., যাতে তোমাৰ ওচৰলৈ ফিৰিস্তা আহে ..., যাতে আকাশৰ দৰে পৃথিৱীটো তোমাৰ ইচ্ছা সিদ্ধি হয়, আমাৰ পাপবোৰ তুমি ক্ষমা কৰি দিয়া ...৷

তাইৰ মাত বিচ্ছিন্ন হৈ পৰিল৷ কেৱল ওঠ দুটি কিছু সময়ৰ বাবে লাহে লাহে লৰচৰ কৰি থাকিল৷ সেই দুটি ৰৈ যোৱাৰ লগে লগে সকলো অঙ্গ শিথিল শৰীৰটো অৱশ আৰু বগা হৈ পৰিল৷ তাইৰ প্ৰাণবায়ু উৰি গল আৰু তাইৰ চকুযুৰি অদৃশ্য গাতত সোমাই পৰিল৷

প্ৰভাত [ফজৰ]ৰ সময়ত মাৰতাৰ মৃত শৰীৰটো কফিনত ৰাখি দুজন দুখীয়ালোকৰ কান্ধত তুলি দিয়া হল আৰু চহৰৰ বাহিৰত এটুকুৰা নিৰ্জন আৰু পৰিত্যাক্ত ঠাইত দাফন কৰা হল৷ ইতিমধ্যে পাদৰীসকলে তাইৰ জানাজা পঢ়িবলৈ অস্বীকাৰ কৰি দিছিল আৰু তাইৰ আত্মাৰ সদগতিৰ বাবে কবৰত  দুআও কৰা নাছিল৷ তাইক সেই দূৰণিৰ গাতটোত পুতিবলৈকো তাইৰ লৰাটো আৰু আন এজন যুৱকৰ [লেখক] বাহিৰে যাক এই জীৱনৰ দুখ কষ্টই সহানুভুতিশীল হবলৈ আৰু মৰম স্নেহ কৰিবলৈ শিকাইছিল, আন কোনোৱে লগত যোৱা নাছিল৷ ੦ ੦ ੦


কেইখনমান  অসমীয়া গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  24. অসমীয়া ব্যাকৰণ ক অংশ
  25. অসমীয়া ব্যাকৰণ খ অংশ


Post a Comment

0 Comments