পাৰচৰাই আৰু পৰুৱা
এদিনাখন এটা পাৰচৰাই পানী পান কৰিবলৈ এখন নৈৰ পাৰত ৰৈ আছিল৷ তেতিয়া তাই নৈখনত প্ৰায় ডুবি যোৱা এটা পৰুৱা দেখিছিল৷ পাৰচৰাইটোৰ নিঃসহায় পৰুৱাটোৰ প্ৰতি দয়া অনুভৱ হৈছিল আৰু তাই ওচৰৰ এডোখৰ ঠাইত উৰি গৈছিল আৰু সোনকালে শুকান খেৰ সংগ্ৰহ কৰিছিল৷ পাৰচৰাইটোয়ে শুকান খেৰটো আগবঢাই দিছিল, তেতিয়া পৰুৱাটোয়ে সেইটোক (খেৰ) মেৰ খাই ধৰিছিল আৰু পাৰচৰাইটোয়ে খেৰটো ভূমিলৈ লাহে লাহে টানি আনিছিল৷ তেতিয়া পৰুৱাটো ডুবি যোৱাৰ পৰা ৰক্ষা পাইছিল আৰু তাই (পৰুৱা) পাৰচৰাইটোৰ সৎকৰ্ম আৰু অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷
পাৰচৰাইটোৱে পানী পান কৰিছিল আৰু নৈৰ পাৰৰ ওচৰৰ এটা সৰু গছলৈ উৰি গৈছিল, তেতিয়া তাইক এজন চিকাৰীয়ে দেখিছিল আৰু তাইক চিকাৰ কৰিবলৈ তাইৰ পিনে তেওঁৰ বন্দুক টোৱাঁইছিল৷ পৰুৱাই তেওঁক (চিকাৰীক) দেখিলে, তাৰ পিছত তাই মনে মনে (নিজক নিজে) ক’লে, “ এয়া উচিত যে মই পাৰচৰাইটোৰ সৎকৰ্মৰ প্ৰতিদান দিওঁ কিয়নো তাই মোক পানীত ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিল৷”
তাৰ পিছত পৰুৱাটোয়ে ততাতৈয়াকৈ চিকাৰীজনৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ ভৰিত বৰ জোৰেৰে বেদনাদায়ক কামোৰ মাৰিছিল, তেতিয়া চিকাৰীজনে যন্ত্ৰনাত চিঞৰিছিল আৰু তাৰ হাত কপিছিল ইয়াৰ পিছত গুলিটো শূণ্যলৈ গুছি গৈছিল৷ পাৰচৰাইটোয়ে লক্ষ্যহীন গুলিৰ শব্দ শুনিছিল আৰু অনতি পলমে বিপদত পতিত হ’ব পাৰে বুলি অনুভৱ কৰি উৰি গৈছিল৷ পিছদিনা তাই (পাৰচৰাই) পৰুৱাটোৰ ওচৰত গৈছিল আৰু তাইৰ ডেউকা দুখন ধপধপাই কৈছিল৷ তোমাক ধম্যবাদ, তুমি মোক মৃতুৰ পৰা ৰক্ষা কৰিছা, তেতিয়া তাই উত্তৰ দিছিল তুমিও মোক তোমাৰ সৎকৰ্মৰ দ্বাৰা ৰক্ষা কৰিছা৷
পৰক তৰালে নিজেও তৰে
নেদেখা জনেও সহায় কৰে৷
Read more
0 Comments
Comment should be formative and suggestive.