গৰু
পৰিচয়ঃ গৰু এবিধ
চাৰিঠেঙীয়া ঘৰচীয়া জন্তু৷ পোহনীয়া জন্তুবোৰৰ ভিতৰত গৰু মানুহৰ আটাইতকৈ উপকাৰী জন্তু৷
প্ৰাচীন কালত আমাৰ দেশত সকলো মানুহেই গৰু পুহিছিল৷ কিছুমান দেশত বনৰীয়া গৰুও দেখা যায়৷
আকৃিতঃ গৰু ওখই প্ৰায়
তিনি হাত আৰু দীঘলে প্ৰায় পাঁচ হাত মান হয়৷ গৰুৰ দুটা শিং আৰু এডাল দীঘল নেজ আছে৷ নেজৰ সহায়ত
ই গাৰ পৰা মহ, মাখি আদি খেদায়৷ গৰুৰ
গোটেই গাটো সৰু সৰু নোমেৰে আবৃত৷ গৰুৰ মুখখন আৰু ডিঙি দীঘল৷ গৰুৰ ডিঙিৰ তলত এখন গলবিচনী
ওলমি থাকে৷ গৰুৰ দাঁত এপাৰি৷ কলা, বগা,
ৰঙা, কজলা আদি বিভিন্ন
ৰঙৰ গৰু আছে৷ গাই গৰুৱে বছৰত এবাৰ পোৱালী জন্ম দিয়ে৷
আহাৰঃ গৰুৱে ঘাঁহ, খেৰ, গছৰ পাত আদি খাই জীয়াই
থাকে৷ ভাতৰ নিসনি গৰুৰ প্ৰিয় খাদ্য৷ গৰুয়ে কোনো বস্তু চোবাই নাখায়৷ প্ৰথমে খাদ্য আধা
চোবাই গিলি থয় আৰু জিৰনিৰ সময়ত সেইবোৰ উগাৰি উলিয়াই পাগুলি খায়৷
প্ৰকৃতিঃ সাধাৰণতে
গৰু অতি নিৰীহ প্ৰাণী৷ ই কাৰো কোনো অনিষ্ট নকৰে৷ গৰুৱে নিজৰ পোৱালীক বৰ মৰম কৰে৷ গৰু
সাধাৰণতে পোন্ধৰ-বিছ বছৰ জীয়াই থাকে৷
পৃথিৱীৰ প্ৰায় সকলো
দেশতে গৰু পোৱা যায়৷ পৃথিৱীৰ ভিতৰত ভাৰত বৰ্ষত অধিক পৰিমাণে গৰু পোৱা যায়৷ ভাৰত বৰ্ষত
ভাগলপুৰ আৰু ৰাজপুতনাৰ গৰু অতি প্ৰসিদ্ধ৷ অসমতো প্ৰায় প্ৰতিজন খেতিয়কৰ ঘৰতে গৰু আছে৷
গৰু পুহিবলৈ তাৰ প্ৰতি
বৰ যত্ন ল’ব লাগে৷ গৰু থকা ঘৰ
সদায় নিয়মিত ৰূপে চাফ্-চিকুণকৈ ৰাখিব লাগে৷ গৰু থোৱা ঘৰক গোহালি বোলে৷
উপকাৰিতাঃ গৰু আটাইতকৈ
বেছি উপকাৰী পোহনীয়া জন্তু৷ গৰুৰ গাখীৰ অতি পুষ্টিকৰ খাদ্য৷ গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, ছানা আদি খাদ্য প্ৰস্তুত
কৰা হয়৷ মতা গৰুৰে গাড়ী টনা, হালবোৱা আদি কাম কৰা হয়৷ গৰুৰ গোবৰৰ পৰা জৈৱিক সাৰ প্ৰস্তুত
কৰা হয়৷ গৰুৰ গোবৰ খৰি হিচাপেও ব্যৱহাৰ কৰা হয়৷ গৰুৰ গোবৰ খেতিৰ শস্যৰ বাবে অতি উত্তম সাৰ৷
গৰুৰ ছালৰ পৰা জোতা, বেগ ইত্যাদি তৈয়াৰ
কৰা হয়৷ গৰুৰ শিং আৰু হাড়ৰ পৰা ফণী, বুতাম, ৰাসায়নিক সাৰ আদি তৈয়াৰ কৰা হয়৷
সামৰণিঃ দৈনন্দিন
জীৱনত গৰু আমাৰ অতি উপকাৰী জন্তু৷ আমি ইয়াৰ যত্ন লোৱা উচিত৷000
0 Comments
Comment should be formative and suggestive.