তেতেঁলী
তেতেঁলী এবিধ বসন্ত কালৰ টেঙা জাতীয় ফল৷ তেতেঁলী স্বাস্থ্যৰ উপকাৰৰ বাবে এটি সুপৰিচিত ফল৷ ইয়াৰ কিছুমান ঔষধি গুণ আছে৷ তেতেঁলীত ভিটামিন - বি, ই, চি, আইৰণ, কেলছিয়াম, পটাছিয়াম, ফচফৰাচ আদি উপাদান পোৱা যায়৷ তেতেঁলীত ডায়েটেৰি ফাইবাৰ পৰ্যাপ্ত পৰিমাণে পোৱা যায়৷ ই এণ্টিঅক্সিডেণ্ট গুণেৰে পৰিপূৰ্ণ বাবে আমাৰ স্বাস্থ্য ৰক্ষা তথা শৰীৰৰ ৰোগ নিৰাময়ত বৰ উপকাৰী৷ ইয়াৰে বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰা হয়৷
তেতেঁলী গুণাগুণঃ
তেতেঁলীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷
তেতেঁলীয়ে মেদবহুলতাৰ সমস্যা দূৰ কৰাতো সহায় কৰে ফলত ডায়বেটিছ, হৃদৰোগ, ৰক্তচাপ আদি নিৰাময় হয়৷
তেতেঁলীত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থকাৰ বাবে যিকোনো বেমাৰে শৰীৰত আক্ৰান্ত কৰিব নোৱাৰে৷
গেছ, বদহজম, হাত ভৰিৰ পোৰণি আদি দূৰ কৰাৰ বাবে তেতেঁলীৰ ৰস পান কৰিলে উপকাৰ হয়৷
তেতেঁলীৰ ৰসে তেজত থকা কলেষ্ট্ৰল নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰৰ তেজ সঞ্চালন সুচল হয়৷
তেতেঁলীয়ে বমি বমি ভাব নিৰাময় কৰে আৰু ভোক বৃদ্ধি কৰে৷
তেতেঁলীয়ে কৃমি নাশ কৰাত সহায় কৰে আৰু ই কফ আৰু বায়ু নাশ কৰে৷
তেতেঁলীয়ে কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিব পাৰে৷
ই পাইলচৰ সমস্যা দূৰ কৰি তেজ পৰিস্কাৰ কৰাত সহায় কৰে৷
আনকি তেতেঁলীয়ে বাত বিষ, গাঁঠিৰ বিষ দূৰ কৰিব পাৰে৷
তেতেঁলীয়ে হজম শক্তি বৃদ্ধি কৰি লিভাৰ সুৰক্ষিত ৰাখে৷
ই ইউৰিক এচিড কমাই ৰখাৰ বাবে গল্ডব্লাডাৰ হোৱাৰ সম্ভাৱনা নাথাকে৷
তেতেঁলী খালে তেজ পানী হয় আদি ভ্ৰান্ত ধাৰণা৷ পকা তেতেঁলীয়ে জ্বৰ উপশমত সহায় কৰে আৰু ই শৌচ খোলোচা কৰে আৰু ছাল নিমজ কৰাতো সহায় কৰে৷
তেতেঁলী খালে কোনো ক্ষতি নহয় যদিও অতি বেছিকৈ তেতেঁলী খালে ৰক্তচাপ কমাৰ সম্ভাৱনা থাকে৷
জণ্ডিচ ৰোগত তেতেঁলীৰ ৰস খালে ভাল ফল পোৱা যায়৷
১০০ গ্ৰাম পকা তেতেঁলী পুষ্টি উপাদান তলত উল্লেখ কৰা হ’লঃ
জলীয় অংশ - ২০.৯ গ্ৰাম৷
মুঠ খনিজ পদাৰ্থ - ২.৯ গ্ৰাম৷
আঁহ - ৫.৬ গ্ৰাম৷
খাদ্য প্ৰাণ - ২৮৩৷
আমিষ - ৩.১ গ্ৰাম৷
চৰ্বি - ০.১ গ্ৰাম৷
শৰ্কৰা - ৬৬.৪ গ্ৰাম৷
কেলচিয়াম - ১৭০ মিলিগ্ৰাম৷
আয়ৰণ - ১০.৯ মিলিগ্ৰাম৷
কেৰোটিন - ৬০ মাইক্ৰোগ্ৰাম৷
কেলচিয়াম - ১৭০ মিলিগ্ৰাম৷
ভিটামিন বি১ - ০.০১ মিলিগ্ৰাম৷
ভিটামিন বি২ - ০.০৭ মিলিগ্ৰাম৷
ভিটামিন চি - ৩ মিলিগ্ৰাম৷
সেয়ে সুস্বাস্থ্যৰ বাবে বতৰত তেতেঁলী খোৱা আৱশ্যক৷ 0 0 0
0 Comments
Comment should be formative and suggestive.