জলফাই
জলফাই এবিধ টেঙা জাতীয় ফল৷ জলফাই স্বাস্থ্যৰ বিভিন্ন উপকাৰিতাৰ বাবে এটি সুপৰিচিত ফল৷ জলফাই শীতকালত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ জলফাই প্ৰায় সকলোৰে প্ৰিয়৷ ইয়াৰ কিছুমান ঔষধি গুণ থকাৰ লগতে জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, বি, চি, ই, কে, আইৰণ, কেলছিয়াম, বিটা কেৰোটিন, মেগনেছিয়াম, ফাইবাৰ, ফচফৰাচ, এণ্টিঅক্সিডেণ্ট আদি উপাদান পোৱা যায়৷ ই আমাৰ স্বাস্থ্য ৰক্ষা তথা শৰীৰৰ ৰোগ নিৰাময়ৰ বাবে সহায় কৰে৷ জলফাইৰ পৰা প্ৰস্তুত কৰা তেল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷
জলফাইৰ গুণাগুণঃ
জলফাইত প্ৰাকৃতিক এণ্টি-ফাংগল, এণ্টি-বেক্টেৰিয়াল আৰু এণ্টি-ভাইৰেল গুণ থকাৰ বাবে চৰ্দি, কাহ, জ্বৰ আদি দূৰ কৰে৷
জলফাইত থকা উপাদানবোৰে মাৰাত্মক কেঞ্চাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
দীৰ্ঘ দিন ধৰি গেষ্টিকত ভূগি থকাজনে দিনত এটাকৈ জলফাই খালে উপকাৰ হ’ব ৷
জলফাইত থকা উপাদানবোৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷
নিয়মিত জলফাই খালে পিত্তৰ পাথৰ হোৱাৰ সম্ভাৱনা নাথাকে৷
চুলি আৰু ছাল নিমজ আৰু কোমল কৰি ৰাখিবলৈ শীতকালত জলফাইৰ তেল অতি উপকাৰী৷
জলফাইৰ তেলত থকা ফাইবাৰে পাচন প্ৰক্ৰিয়া সঠিক কৰি হজম ক্ষমতা বৃদ্ধি কৰে আৰু গেছ, কোষ্ঠ্যকাঠিন্যতা দূৰ কৰে৷
জলফাইয়ে এলাৰ্জি প্ৰতিৰোধ কৰিব পাৰে৷ জলফাইত প্ৰচুৰ পৰিমাণে থকা ভিটামিন চি-ৰ বাবে ছালৰ সংক্ৰমণ, ঘা-ফোঁহা নিৰাময়ত সহায় কৰে৷
জলফাইত থকা উপাদানে শৰীৰৰ তেজত থকা শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে ই বৰ উপকাৰী৷
চুলি আৰু চকুৰ দৃষ্টি শক্তিৰ বাবেও জলফাই এবিধ উপকাৰী ফল৷
জলফাইৰ পাতৰ ৰসে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টৰল, ইউৰিক এচিড, বাতবিষ আদি নিয়ন্ত্ৰণ কৰে৷
জলফাইৰ তেল হাৰ্টৰ যিকোনো বেমাৰৰ বাবে মহৌষধ ৷ জলফাইৰ তেল লিভাৰৰ সুৰক্ষাৰ বাবে বৰ উপকাৰী৷ ইয়াৰ তেলত থকা এণ্টিবেক্টেৰিয়াল গুণে ৰোগৰ বীজাণু নাশ কৰিব পাৰে৷
সেয়ে সুস্বাস্থ্যৰ বাবে বতৰত জলফাই খোৱা আৱশ্যক৷ ০ ০ ০
1 Comments
Fine. Benefited by it.
ReplyDeleteComment should be formative and suggestive.