আম
আম এটি সুস্বাদু উপকাৰী ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়। দুপৰীয়া আম খোৱাৰ উত্তম সময়। সাধাৰণতে আম গ্ৰীষ্ম আৰু বৰ্ষা ঋতুত পোৱা যায়। পকা আমৰ সোৱাদ অপৰিসীম । কেঁচা আম আচাৰ বনাইয়ো খাব পাৰি।ভাৰতবৰ্ষত বহুতো প্ৰজাতিৰ আম পোৱা যায়। আমৰ উপৰিও আম পাতৰ বহুতো ঔষধি গুণ আছে।
পকা আম শৰীৰৰ বাবেও বৰ উপকাৰী । পকা আমে তেজ পৰিস্কাৰ কৰে । পকা আম বায়ুনাশক, পুষ্টিকাৰক আৰু তৃপ্তিজনক।
আমৰ ৰসৰ লগত গাখীৰ মিহলাই খালে শৰীৰত বল বৃদ্ধি হয় ।
পকা আমে হৃদযন্ত্ৰও সবল কৰে। হৃদযন্ত্ৰ সবলীকৰণৰ বাবে পকা আমৰ ৰস ১৫০ গ্ৰাম গৰুৰ গাখীৰৰ লগত মিহলাই দিনত এবাৰকৈ খাব লাগে।
স্মৃতিশক্তি বৃদ্বিৰ বাবে একাপ পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস মিহলাই দিনে এবাৰ এমাহ খাব লাগে।
অৰ্শ বা কেঁচুমূৰীয়া ৰোগৰ বাবে একাপ পকা আমৰ ৰসৰ লগত আধা কাপ দৈ মিহলাই দিনত এবাৰকৈ এসপ্তাহ খালে নিৰাময় হয়।
কৃমি নাশ কৰিবলৈ আমৰ গুটিৰ চূৰ্ণ কৰি খাব পাৰে।
পেটচলা বা ডায়েৰীয়া হ’লে আম গছৰ ছালৰ ৰস দুচামুচকৈ দিনে দুবাৰকৈ দুদিন খুৱাব লাগে।
উচ্চ ৰক্তচাপ বাবে পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।
কফৰ সমস্যাত আমৰ শিপাৰ ৰস খালে সুফল পোৱা যায় ।
ৰক্তস্ৰাৱৰ বাবে আমৰ ছাল উত্তম ঔষধ ।
আঘাতৰ ঠাইত আমৰ পাত পুৰি ছাই গুৰি কৰি লগালে সোনকালে আৰাম পাব ।
কাহ হলে কেঁচা আম পুৰি খাব
পকা আমত থকা ভিটামিন ছি য়ে ছালৰ সমস্যা দূৰ কৰে আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি কৰি ছাল নিমজ কৰে।
মধুমেহ ৰোগত জামুৰ ৰসৰ লগত আমৰ ৰস মিহলাই খালে সুফল পোৱা যায় ।
টোপনি নহা লোকে আমৰ ৰস গাখীৰৰ সৈতে মিহলাই ৰাতি খালে ভাল টোপনি আহে ।
আমত থকা কেলচিয়ামে দাঁত আৰু হাড় মজবুত কৰে ।
গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে আম অতি উত্তম ফল ।
আমত পাৱ পৰা ভিটামিন সমূহ হল
কাৰ্বোহাইড্ৰেট- ৮৬.১%,
কেৰটিন- ৪৮০০ ইউনিট,আঁহজাতীয় পদাৰ্থ- ১১%,
খাদ্যপ্ৰাণ ‘গ’- ৪০ মিলিগ্ৰাম।০০০
কেইখনমান অসমীয়া গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note making
- Notice Writing
- Paragraph Writing
- Passage Comprehension
- The Art of Poster Writing
- Report Writing
- School Essays Part-I
- School Essays Part -II
- Story Writing
- Substance Writing
- The Art of Letter Writing
- School English Grammar Part-I
- School English Grammar Part-II
0 Comments
Comment should be formative and suggestive.