Ticker

6/recent/ticker-posts

Advertisement

Responsive Advertisement

হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা?

 

হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা?

(অনুদিত)

--মহম্মদ তাইমূৰ

 

হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা


(এই কাহিনীটো প্ৰখ্যাত ফৰাচী লেখক মোপাছাৰ দ্বাৰা ৰচিত৷ অনুবাদকে এই কাহিনীটোৰ  সকলোবোৰ চৰিত্ৰ, সময়, ঠাই আৰু বিষয় বস্তু সলনি কৰি সম্পূৰ্ণভাবে মিচৰীয় ৰং প্ৰদান কৰিছে৷ প্ৰবন্ধটোত মূল লেখকৰ প্ৰকৃত চিন্তাধাৰাহে বাকী আছে৷ এই ক্ষেত্ৰত অনুবাদকে তল্‌চতইৰ প্ৰদ্ধতিকে অৱলম্বন কৰিছে যিজনে মোপছানৰ কাহিনীবোৰ অনুবাদ কৰিছে)

মহম্মদ বেক আব্দুল কাদিৰ এজন ৫৫ বছৰীয়া লোক ৷ নাকটো জোঙা, চকুদুটি কলা, ভুৰু দুটি ঘূৰণীয়া৷ তেওঁ গোঁফ খুৰায় আৰু দাঢ়ি দীঘলকৈ ৰাখে৷ ধীৰ গতিত খোজ কাঢ়ে৷ চকীত বহিলে জোতাযোৰ খুলি পাল্টী মাৰি বহে৷ জুব্বা (দীঘল বস্ত্ৰ) পিন্ধে আৰু তাৰ বাহিৰে কোনো পশ্চিমীয়া বস্ত্ৰ পৰিধান কৰিবলৈ ভাল নাপায় ৷ (জুব্বা এইবাবে পিন্ধে) কাৰণ এই পৰিধান খোদাভক্ত লোকৰ পৰিচায়ক ৷ কথা আৰু কৰ্মত তেওঁ এজন প্ৰকৃত মুছলমান ৷ দ্বীন ও দুনীয়াৰ ক্ষেত্ৰত  আল্লাহৰ প্ৰতি ভয় নথকা কোনো নাস্তিক বা অধৰ্মীৰ সৈতে তৰ্ক-বিতৰ্ক হলেই তেওঁ ধৰ্মৰ সপক্ষে মাত মাতে৷

যেতিয়াই কোনো লোকে মহিলাৰ পৰ্দাৰ বিৰুদ্ধে মাত মাতে তেতিয়াই তেওঁ ৰীতি ৰেৱাজ আৰু পুৰণা পৰম্পৰা আৰু মৰ্যাদা বজায় ৰাখি  পৰ্দাৰ সপক্ষে মাত মাতে৷ যদি কোনো এজন যুৱকক দোকানত বহি সুৰাপান কৰা দেখা পায় তেতিয়া সেই ঠাইত খঙাল ভাৱত থিয় হয়৷ তাৰ পিছত মাটিত থু পেলায় কোৰআন শ্বৰীফৰ আয়াত তেলাওৱাত কৰি তাৰ পৰা গুছি যায়৷ কুৰাইদি বেঙ্কত তেওঁ ২০ হাজাৰ মুদ্ৰা জমা আছে৷ তেওঁ তাৰ কোনো সুদ এইবাবেই গ্ৰহণ নকৰে যে ক্বুৰআনত আছে, ‘‘ আল্লাহ তাআলাই ব্যৱসায় হালাল কৰিছে আৰু সুদ হাৰাম কৰিছে৷

মহম্মদ বেকে নীল নদীৰ পাৰত অৱস্থিত এটা প্ৰসাদত বাস কৰে যাৰ চাৰিওফালে মনোমহা বাগিছাবোৰ আছে৷  মলয়া বতাহ বলাৰ লগে লগে তাৰ গছবোৰ হালিজালি পৰে৷ তাত নীল নদীৰ ঢৌৰ সৈতে মিশ্ৰিত পক্ষীবোৰৰ সঙ্গীত শুনিবলৈ পোৱা যায়৷ এনে সুন্দৰ আৰু শান্তিময় সঙ্গীত যেন কোনো হতাশ প্ৰেমীৰ কাণত পৰা প্ৰেমৰ মাতহে৷ যেতিয়া খেজুৰ গছৰ পিছফালে ৰঙা মেঘে দেখা দিয়ে আৰু আকাশখনে সূৰ্য অস্ত যোৱাৰ আগমুহুৰ্তত ৰঙা বস্ত্ৰ পৰিধান কৰে, তেতিয়া এনেহেন ভাৱ হয় যেন এই লালিমা প্ৰকৃততে দিনক বিদায় দিয়া ৰাতিৰ চকুলোহে৷ যেতিয়া গ্ৰীষ্ম কালৰ কোনো নিশা ৰূপালী গোলাদ্ধৰ্ত চন্দ্ৰই ভুমুকি মাৰে তেতিয়া ঘৰৰ মালিকৰ এনে ভাৱ হয় যেন তেওঁ ৰাতিপুৱালৈকে বাগিছাৰ  পৰা আঁতৰি নাযাব৷ এই খোদাভক্ত ব্যক্তিজনক আল্লাহ তাআলাই তেওঁৰ ইবাদত (উপাসনা)ৰ বিনিময়ত এই অন্তহীন শান্তি প্ৰদান কৰিছিল৷ এইটোৰ জৰিয়তে তেওঁৰ চকু জুৰ পৰিছিল আৰু অন্তৰে শান্তি লভিছিল৷ যেতিয়াই তেওঁ আল্লাহৰ জিকিৰ (স্মৰণ) কৰিছিল তেতিয়া তেওঁৰ ভিতৰত আনন্দৰ ভাৱ জাগি উঠিছিল আৰু যেতিয়াই তেওঁ নবী (ছাঃ)ৰ ওপৰত দৰূদ পঢ়িছিল তেতিয়াই তেওঁৰ মুখমণ্ডলত আনন্দৰ পোহৰ উজ্জল হৈ উঠিছিল৷

মহম্মদ বেকক আল্লাহ তাআলাই এজনী অতি সুন্দৰ, মৃদুভাষী আৰু লাজুকীয়া ছোৱালী প্ৰদান কৰিছিল যেন তাই কবিতাৰ বাগিছাত এপাহী নাৰ্গিছ ফুলহে৷ তাইৰ সুন্দৰতাৰ সন্মুখত ডাঙৰ ডাঙৰ কবিৰ কল্পনাই ফেৰ মাৰিব নোৱাৰিছিল৷ কিছুদিন আগতেই ছোৱালীজনীয়ে ২০ বছৰত ভৰি দিছে৷ দেউতাকে তাইৰ বিবাহ সম্পৰ্কে বহুত চিন্তা চৰ্চা কৰিলে আৰু এই সংক্ৰান্তত নিজৰ পত্নীৰ সৈতেও বহুবাৰ আলোচনা বিলোচনা কৰিলে লগতে বহুকেইজন চহকী আৰু শিক্ষিত যুৱকৰ নাম প্ৰস্তাৱ কৰিলে, যিসকল এই পৱিত্ৰ বান্ধোনৰ প্ৰতি ইচ্ছুক আছিল৷ অৱশেষত তেওঁলোক এজন যুৱকৰ ক্ষেত্ৰত একমত হল যিজনৰ ভিতৰত তেওঁলোকে সকলোবোৰ যোগ্যতা আছিল৷

মাকে ছোৱালীজনীৰ সৈতে যুৱকজনৰ সম্পৰ্কে আলোচনা কৰাত তাই সেই যুৱকজনৰ ক্ষেত্ৰত পলায়নৰ ভাৱ প্ৰকাশ কৰিলে৷ পত্নীয়ে গিৰিয়েকক ছোৱালীজনৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিলে৷ এই ফলাফলে তেওঁক দুঃখিত কৰিলে যদিও তেওঁ আন এজন যুৱকক বাচনি কৰিলে৷ এইবাৰ ছোৱালীজনীয়ে সেই যুৱকজনক অস্বীকাৰ কৰাই নহয় বৰং সম্পূৰ্ণৰূপে বিবাহ পাশত আবদ্ধ হবলৈ অস্বীকাৰ কৰিলে৷ এই অস্বীকাৰ দেউতাকৰ বাবে কঠিন হল আৰু তেওঁৰ আদেশ অমান্য কৰাৰ বাবে খঙত জ্বলি  উঠিল আৰু ইচ্ছা অনুযায়ী গালি শপনি পাৰিলে যিয়ে পূৰ্বৰ ভাল বেয়াৰ সীমা সকলো অতিক্ৰম কৰি পেলালে৷ তেওঁ প্ৰথম যুৱকজনৰ সৈতে ই তাইক বিয়া দিবলৈ মনস্থ কৰিলে আৰু এই চোকা আদেশ তাইক এনে কঠোৰ ভাবে শুনালে যাৰ অভিজ্ঞতা পূৰ্বতে তাইৰ কেতিয়াও হোৱা নাছিল, যাক তাই নিৰবে চকুলো টুকি সহ্য কৰিলে৷

এদিনাখন কোনো এজন বন্ধুক সাক্ষাত কৰাৰ উদ্দেশ্য যেতিয়া তাইৰ দেউতাক বাহিৰলৈ গল তেতিয়া মাকে ছোৱালীজনীক অকলে লগ ধৰি তাইৰ বিয়াৰ সম্পৰ্কে আলোচনা কৰিলে৷ মাকে শপত খাই কলে যে দেউতাকৰ খং ৰাগৰ সন্মুখত তেওঁ ঢাল পাতি থিয় হৈ তাইক সহায় কৰিব৷ ছোৱালীজনীয়ে দয়া আৰু অনুগ্ৰহৰ ভিক্ষা খুজি কান্দিবলৈ ধৰিলে৷

ছোৱালীজনীয়ে কি কাৰণত কান্দি আছে? কিহৰ বাবে তাই কাকুতি মিনতি কৰি আছে? কি কাৰণত তাইৰ অন্তৰত এই গোপন জুইকুৰা জ্বলি আছে? প্ৰত্যেক ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হবলৈ ভাল পায় আৰু এজন সুন্দৰ আৰু সমৃদ্ধিশালী যুৱকক পাবলৈ কামনা কৰে৷ যিজন যুৱকক তাইৰ দেউতাকে তাইৰ বাবে বাচনি কৰিছিল, সেই যুৱকজন অতি চৰিত্ৰবান, ভদ্ৰ, বংশগত ভাবে শ্ৰেষ্ঠ, দানী, সুন্দৰ আৰু চহকী আছিল৷ তেনেস্থলত তাই কিয় অস্বীকাৰ কৰিছে? নি(য় তাত কোনো ৰহস্য আছে৷

মাকে ছোৱালীজনীৰ চকুলো মুচি এই সকলোবোৰ কথা মনে মনে ভাবি আছিল৷ যেতিয়া ছোৱালীজনী অলপ শান্ত হ, তেতিয়া মৰম ও স্নেহ মিশ্ৰিত মাতেৰে কলে, ‘‘হে মোৰ পুত্ৰী ! মই তোমাক কথা দিলো যে সেই যুৱকজনৰ সৈতে তোমাক বিয়া নিদিও, লগতে এইটোও প্ৰতিজ্ঞা কৰিলো যে তোমাক সেই যুৱকজনৰ সৈতেহে বিয়া দিম যিজনক তুমি ভালপোৱা৷ সেই যুৱকজন কোন কোৱাচোন?

ছোৱালীজনীয়ে নিজৰ মূৰটো জোকাৰিলে আৰু এনেদৰে মিচিকীয়াই হাঁহিলে যে মাকৰ বাবে গোপন ৰহস্য মেল খালে৷ তাই মাকক চুমা খালে আৰু কলে, তেওঁ, তেওঁ ...৷ তাৰ পিছত ছোৱালীজনীয়ে নিৰৱতা অৱলম্বন কৰিলে আৰু মাকৰ কান্ধত মূৰটো থলে৷ মাকেও ছোৱালীজনীক অযথা প্ৰশ্ন কৰি আমনি দিবলৈ নিবিচাৰিলে আৰু যি জানিলে তাতেই সন্তুষ্ট হল৷ যেতিয়া মহম্মদ বেক ঘৰলৈ উভতি আহিল, তেতিয়া তেওঁৰ পত্নীয়ে অকলশৰীয়া অৱস্থাত লগ ধৰি এই অমঙ্গলীয় বিয়াখন পিছুৱাই দিবলৈ অনুৰোধ কৰিলে৷

তেওঁ নিজৰ খঙৰ ভমকত অটল হৈয়েই থাকিল৷ মাকেও আশাৰ ৰেঙণিৰ প্ৰতিখন দুৱাৰতেই কাকুতি মিনতি কৰিলে৷ কিন্তু বেকে ঠিৰাং কৰি লৈছিল যে  তেওঁ এই ক্ষেত্ৰত কোনো শিথিলতা অৱলম্বন নকৰে৷ তেওঁ এইটো পাহৰি পেলালে যে এই সময়ত তেওঁৰ পৰাজয় তেওঁৰ জয়তকৈ শ্ৰেষ্ঠ৷ তেওঁ নিজৰ পত্নীৰ ফালে চাই কলে,

সম্ভৱতঃ তাই কোনো যুৱকক ভাল পায় যাৰ সৈতে তাই বিয়াত বহিব বিচাৰে৷

তাইৰ মাকে তেতিয়া খঙৰ সুৰত কলে, যদি কথাটো তেনেকুৱাই, তেনেহলে তাতনো আমাৰ কি আপত্তি আছে?

আমাৰ কি আপত্তি আছে ? হে নাৰী ! তুমি জুইৰ সৈতে খেলিবলৈ লৈছা৷ মই এই ছোৱালীক আকাশৰ পোহৰৰ পৰা বঞ্চিত কৰি পেলাম৷ মই তাইক বন্দী কৰি থম আৰু ওৰে জীৱন তাই সন্যাসীনীৰ দৰে জীৱন অতিবাহিত কৰিব লাগিব৷

তেওঁ বলিয়াৰ দৰে হৈ কোঠালীৰ পৰা ওলাই গল আৰু ছোৱালীজনীক মাতিলে৷ তাই আজ্ঞা পালন কৰি তেওঁৰ ওচৰত উপস্থিত হল৷ তেওঁ তাইক গালি শপনি পাৰিবলৈ আৰম্ভ কৰিলে৷ হয়তো তেওঁ তাইক মাৰিলেহেঁতেন যদিহে তাইৰ মাক আহি তেওঁৰ সন্মুখত থিয় নিদিলেহেঁতেন৷ বেকে খঙৰ ভমকত ঘৰৰ পৰা ওলায় গুছি গল৷

এই ঘটনাটো ঘটিবলৈ দুমাহ হল৷ এই কালছোৱাত আন কোনো অঘটন নঘটিল আৰু ঘৰখনত শান্তি বিৰাজ কৰি থাকিল৷ বেক শান্ত হৈ আছিল আৰু পুৰণা বিষয়ক লৈ এটা শব্দও উচ্ছাৰণ কৰা নাছিল৷ কিন্তু খঙৰ জুই এতিয়াও তেওঁৰ অন্তৰত জ্বলি আছিল৷

তেওঁৰ পত্নীও শান্ত হৈ আছিল কিন্তু ছোৱালীজনীৰ দুখত তেওঁ নিজেও দুঃখিত হৈ আছিল৷ আনহাতে ছোৱালীজনীয়ে দিনে নিশাই কান্দি আছিল আৰু আনক আভাষ নিদিয়াকৈ নিজে দুখ কষ্ট সহ্য কৰি আছিল৷ তাইৰো কিছুমান আশা আকাঙ্খা আছে৷ সেয়েহে তাইৰ অতীতৰ সুখ আৰু আনন্দৰ লগতে তাইৰ আশা উদ্বীপনালৈ ছালাম যাছিলো৷

এদিনাখন ৰাতি বেকে অভ্যাস অনুযায়ী ৰাতিৰ আহাৰ খাই উঠি দুকাপ কফি (চাহ) খালে আৰু চিগাৰেট হুপিলে৷  তাৰ পিছত ইশ্বাৰ নামাজ আৰম্ভ কৰিলে আৰু দুই ঘণ্টা নমাজ পঢ়া ঠাইৰ পৰা নুঠিল৷ এই কালছোৱাত তেওঁ ৪০ টা জিকিৰ পঢ়িলে৷ তাৰ পিছত তেওঁ উঠি ঘৰত কিছু সময় ফুৰাৰ পিছত শুবৰ বাবে শুৱনি কোঠাত প্ৰৱেশ কৰিলে৷ বহু সময় টোপনি যাবলৈ চেষ্টা কৰিও সফল হব নোৱাৰি তেওঁ কোনোৱে গম নোপোৱাকৈ বাগিছালৈ ওলাই গল৷

বেকে বাগিছাত খোজ কাঢ়ি থকা সময়ত আনন্দ আৰু নিঃকিনতাৰ মনোভাবেৰে আকাশৰ ফালে লক্ষ্য কৰি দেখিলে যে চন্দ্ৰটো উজ্জল হৈ আছে আৰু তৰাবোৰে তিৰবিৰাই আছে৷ তাকে দেখি তেওঁ নিজৰ প্ৰতিপালকক সম্বোধন কৰি কলে, ‘‘হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা?’’ তাৰ পিছত তেওঁ গছবোৰৰ ফালে লক্ষ্য কৰি দেখিলে যে সেইবোৰ সোঁফালে আৰু বাওঁফালে হালি জালি পৰিছে৷ লগতে তেওঁ অনুভৱ কৰিলে যে গোলাপ আৰু জেছমীন ফুলৰ সুগন্ধি কঢ়িয়াই মধুৰ মলয়া বতাহ বলি আছে৷ তেতিয়া তেওঁ নিজৰ প্ৰতিপালকক সম্বোধন কৰি কলে, ‘‘হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা?’’ তেওঁ নদীৰ ফালে লক্ষ্য কৰি দেখিলে যে চন্দ্ৰৰ ৰূপালী পোহৰবোৰে নীল নদীৰ ঢৌৰ সৈতে খেলি আছে৷ তেওঁ কেইজনমান লোকক এখন সৰু নাওত উঠি গান গাই হাঁহি স্ফুৰ্তি কৰি থকা দেখিলে৷ সেই মুহুৰ্তত তেওঁ মাজনিশা কোনো চৰাইৰ গীত শুনিবলৈ পায় নিজৰ প্ৰতিপালকক সম্বোধন কৰি কলে, ‘‘হে মোৰ প্ৰতিপালক তুমি অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা৷

তাৰ পিছত তেওঁ চকীত বহিল আৰু সকলোবোৰ বস্তুৰ ওপৰত দৃষ্টিপাত কৰিলে৷ এইবোৰ প্ৰাকৃতিক সৌন্দৰ্য যাক সৃষ্টিকৰ্তাই এই ধৰাৰ বুকুত সজাইছে৷ এইবোৰ সুন্দৰতা যিবোৰে সৃষ্টিকৰ্তাৰ শ্ৰেষ্ঠতা, তেওঁৰ শক্তি আৰু মৰম স্নেহবোৰ উদঙাই দিয়ে৷ সেইবোৰ দেখি তেওঁ কলে, ‘‘হে মোৰ প্ৰতিপালক ! তুমি অৱদানবোৰ কাৰ বাবে সৃষ্টি কৰিছা?’’ তাৰ পিছত তেওঁ নিজৰ যৌৱনকাল স্মৰণ কৰিলে, যিসময়ত ঈদৰ জোন চাবৰ বাবে তেওঁৰ অন্তৰত হলচল (উৎফুল্লিত) হৈছিল৷ তেওঁ চকুযুৰি মুদিলে আৰু ক্বুৰআন শ্বৰীফৰ আয়াত আৰু নবী (ছাঃ)ৰ হাদীছ পঢ়িলে আৰু চকু মেলি কলে, ‘‘এই বাগিছা বোৰ কেৱল ...’’৷ আৰু কব নোৱাৰিলে যে কোনটো শব্দৰে তেওঁ বাক্যটি সম্পূৰ্ণ কৰিব৷ তেওঁ হতভম্ব হ, কাৰণ তেওঁ দেখিলে যে দুটা ছাঁ লাহে লাহে তেওঁৰ ফালে আহি আছে৷ তেওঁ নিজকে এডাল ডাঙৰ গছৰ আঁৰত লুকাই ললে যাতে কোনেও তেওঁক দেখা নাপায়৷ তেওঁৰ অন্তৰৰ ধপধপনি ক্ৰমাত বাঢ়ি গল আৰু মনতে ভাবিলে এই অচিনাকী ব্যক্তিজন কোন যিজনে এই মাজনিশা মোৰ বাগিছাত ফুৰিবলৈ সাহস কৰিছে?

ছাঁ দুটা যেতিয়া তেওঁৰ ওচৰ চাপিল তেতিয়া লক্ষ্য কৰি দেখিলে যে তেওঁৰ ছোৱালীজনী  এজন সুন্দৰ যুৱকৰ কান্ধত মূৰটো থৈ আহি আছে৷ ভালদৰে লক্ষ্য কৰাৰ পিছত তেওঁ যুৱকজনক চিনি পালে আৰু মনে মনে কলে, এইজন সেই দুখীয়া যুৱকজন যিজন আমি হামজাৱীত থকা কালত আমাৰ প্ৰতিবেশী আছিল৷ দুয়োটা ছাঁ ৰৈ গল আৰু তেওঁ শুনাকৈ কথা পাতিবলৈ ধৰিলে৷ যুৱকজনে কলে,

হে মোৰ প্ৰিয়তমা ! মই তোমাৰ বিৰহৰ কল্পনাই কৰিব নোৱাৰো লগতে মই তোমাক  এইটোও কথা দিলো যে মোৰ হাড়বোৰ কবৰত বিলীন নোহোৱালৈকে মই মোৰ এই পৱিত্ৰ প্ৰেমত অটল হৈয়েই থাকিম৷

প্ৰতুত্তৰত ছোৱালীজনীয়েও কলে, ময়ো তোমাৰ ওচৰত একেই প্ৰতিজ্ঞা কৰিলো৷

যুৱকজনে তাইৰ কপালত চুমা খালে আৰু ঘৰলৈ যাবলৈ বুলি খোজ ললে৷

বেক লুকাই থকা ঠাইৰ পৰা ওলাল৷ তেওঁ নিৰৱ নিস্তব্ধ ভাবে থিয় হৈ কিছু সময় চিন্তা কৰি থাকিল৷ তাৰ পিছত আকাশ, নদী আৰু গছবোৰৰ ফালে লক্ষ্য কৰিলে৷ প্ৰাকৃতিক সৌন্দৰ্য, এই সাংসাৰিক বাগিছা আৰু জীৱন্ত অৱদানবোৰৰ ওপৰত চকু ফুৰালে আৰু তেওঁ যিবোৰ দেখিলে আৰু শুনিলে সেই সকলোবোৰৰ ওপৰত কিছু সময় চিন্তা কৰাৰ পিছত মনে মনে কলে, ‘‘হে মোৰ প্ৰতিপালক ! তুমি এই অৱদানবোৰ কেৱল প্ৰেমৰ পূজাৰীসকলৰ  বাবেহে সৃষ্টি কৰিছা৷ মোৰ জীৱনৰ শপত, এইবোৰ কেৱল প্ৰেমৰ বাগিছাহে৷’’ তেওঁ ক্বুৰআন শ্বৰীফৰ আয়াত তিলাওৱত কৰিলে আৰু ঘৰত প্ৰৱেশ কৰিলে৷ তেওঁৰ ওঠ শান্তি আৰু আনন্দৰ হাঁহি বিৰিঙি উঠিল৷

এই ঘটনা সংঘটিত হোৱা এমাহ হল আৰু এই সময়চোৱাতেই চহকী যুৱতীৰ দুখীয়া যুৱকৰ সৈতে মিলন উৎসৱ (বিয়া) সম্পন্ন হৈ গল৷ এই উৎসৱ আছিল সকলো বস্তুৰ ওপৰত পৱিত্ৰ প্ৰেমৰ বিজয়ৰ চানেকী স্বৰূপ ৷ ০ ০ ০


কেইখনমান  অসমীয়া গ্রন্থ:

  1. অসমীয়া লেখক পৰিচয়
  2. বিশ্ব ব্যক্তি পৰিচয়
  3. অসমীয়া ৰচনা শিক্ষা
  4. অসমীয়া ভাব সম্প্রসাৰণ
  5. এক গুচ্ছ জীৱনী
  6. শিশু পদ্য
  7. অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
  8. অসমীয়া অনুবাদত বিশ্ব কবিতা
  9. অসমীয়া অনুবাদত বিদেশী কবিতা
  10. পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
  11. সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
  12. মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
  13. তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
  14. তোমাকে বলছি (বাংলা কবিতা সংকলন)
  15. ফণী শৰ্মাৰ নাটক 'চিৰাজ'-এক সমালোচনা
  16. হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
  17. ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা 
  18. ইছমাইল হোছেইনৰ কবিতা : এক বিশ্লেষণাত্মক অধ্যয়
  19. অসমীয়া উপন্যাস সমালোচনা
  20. অসমীয়া চুটি গল্প সমালোচনা
  21. মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
  22. অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
  23. নির্বাচিত অসমীয়া কবিতা সমালোচনা
  24. অসমীয়া ব্যাকৰণ ক অংশ
  25. অসমীয়া ব্যাকৰণ খ অংশ

Post a Comment

0 Comments